ৰঙিয়া, 12 মাৰ্চ :26 জানুৱাৰীৰ পৰা সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈ আছে কংগ্ৰেছৰ হাত ছে হাত জোড়ো যাত্ৰা কাৰ্যসূচী (Hath se hath jodo yatra in India) । ব্যতিক্ৰম নহয় ৰঙিয়াও ৷ ৰঙিয়া বিধান সভা সমষ্টিৰ কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰঙিয়া নগৰ ব্লক কংগ্ৰেছ কমিটীৰ সৌজন্যত দলীয় কৰ্মীৰ উপস্থিতিত দেওবাৰে হাত ছে হাত জোড়ো কাৰ্যসূচী ৰূপায়ন কৰা হয় (Hath se hath jodo yatra at Rangia)।
কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ সভাপতি কংকন দাস, ৰঙিয়া ব্লক সমিতিৰ সভাপতি উদ্ধৱ দাস, ৰঙিয়া টাউন ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি উজ্জ্বল লহকৰ, মুৰতাজ ৰহমান, আবু বক্কৰ চিদ্দিকৰ নেতৃবৃন্দৰ নেতৃত্বত ৰূপায়ন কৰা হয় এই হাত ছে হাত জোড়ো কাৰ্যসূচী ৷ এই কাৰ্যসূচীত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
ইফালে এই অভিযানৰ পূৰ্বে স্থানীয় ৰাজীৱ ভৱনত দলীয় নেতৃবৃন্দৰ লগতে কেবাগৰাকীও কংগ্ৰেছ কৰ্মী সমবেত হৈ ৰঙিয়া নগৰ পৰিভ্ৰমণ কৰি ৰূপায়ন কৰে এক প্ৰতিবাদী সমদল । অভিযান কালত শাসনাধীস্থিত বিজেপি দলৰ বিৰুদ্ধে সৰব হৈ পৰে নেতৃবৃন্দ । এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত পথৰ দাঁতিত লগ পোৱা ৰাইজকে কংগ্ৰেছ দলৰ গোঁহাৰি বিতৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷