অসম

assam

ETV Bharat / state

ৰঙিয়াত ৮ বছৰীয়া শিশু উদ্ধাৰ

ৰঙিয়াত উদ্ধাৰ হ'ল বৰপেটাৰ শিশু। মানৱ সৰবৰাহকাৰীয়ে শিশুটোক লৈ আহিছিল বুলি স্থানীয় ৰাইজৰ সন্দেহ।

ৰঙিয়াত ৮ বছৰীয়া শিশু উদ্ধাৰ

By

Published : May 14, 2019, 9:54 PM IST

ৰঙিয়া,14মে': মঙলবাৰে ৰঙিয়াৰ হাইৱে' চকত উদ্ধাৰ উদ্ধাৰ হয় এটি ৮ বছৰীয়া শিশু । শিশুটোৱে নিজকে বৰপেটাৰ ভবানীপুৰ থানাৰ অন্তৰ্গত ধৰমতুলাৰ চাহজাহান আলীৰ পুত্ৰ বুলি জানিব দিয়ে । শিশুটোৱে জানিব দিয়ামতে সোমবাৰে এজন লোকে দৰঙ্গা মেলাত থকা মাতৃৰ ওচৰলৈ নিব বুলি কৈ লৈ আহিছিল । তাৰ পিছত সোমবাৰে সন্ধিয়া ৰঙিয়াৰ তিনিআলি শিশু টোৱে কান্দি থকা প্ৰত্যক্ষ কৰে স্থানীয় ব্যৱসায়ীসকলে । ব্যৱসায়ী সকলে ঘটনা সন্দৰ্ভত জানিব পাৰি ওচৰৰে এজন লোকৰ ঘৰত নিশাটো কটাবলৈ ব্যৱস্থা কৰি দিয়ে শিশুটোক । পাচত মঙলবাৰে পুৱা ৰাইজে আৰক্ষীক খবৰ দি শিশুটোক গতাই দিয়ে । ইপিনে মানৱ সৰবৰাহকাৰীয়ে শিশুটোক লৈ আহিছিল বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ৰঙিয়াত ৮ বছৰীয়া শিশু উদ্ধাৰ

ABOUT THE AUTHOR

...view details