অসম

assam

ETV Bharat / state

অসাৰ শিশু শ্ৰমিক আইনঃ ইটা ভাটাত নিয়োজিত শিশু

ৰঙিয়াৰ জামতোলাৰ MBI ইটা ভাটাত নিয়োজিত হৈ আছে কেইবাটাও শিশু শ্ৰমিক ৷ এটি শিশু শ্ৰমিকক এহাজাৰ ইটা নিৰ্মাণ কৰাৰ বাবদ দিয়া হয় মাত্ৰ 330 টকা । ৰঙিয়া শ্ৰম বিভাগে ভাটাটোৰ স্বত্বাধিকাৰীৰ সৈতে মিলি শিশু শ্ৰমিকসকলক শোষণ কৰাৰ অভিযোগ উত্থাপন সচেতন মহলৰ ৷

Rangia child labours
ইটা ভাটাত নিয়োজিত শিশু

By

Published : Nov 7, 2020, 9:16 PM IST

ৰঙিয়া, 7 নৱেম্বৰ :শিশু শ্ৰমিক আইনক উলংঘা কৰি ৰঙিয়াৰ ইটা ভাটাত নিয়োজিত হৈ আছে শিশু শ্ৰমিক ৷ ৰঙিয়াৰ জামতোলাৰ MBI ইটা ভাটাত বৰ্তমানো কাম কৰি আছে কেইবাটাও শিশু শ্ৰমিকে। ইটা বনোৱা কামত ভাটাটোৰ স্বত্বাধিকাৰী উৎপল মেধিয়ে এই শ্ৰমিকসকলক নিয়োগ কৰাৰ খবৰ পোৱা গৈছে ।

যিটো সময়ত এইসকল শিশুৱে ফলি-পুথি লৈ বিদ্যালয়লৈ যাব লাগিছিল, সেই সময়তে শিশু শ্ৰমিকসকলে পেটৰ তাৰণাত কৰিব লগা হৈছে দিন হাজিৰাৰ দৰে কষ্টকৰ কাম । এটি শিশু শ্ৰমিকক এহাজাৰ ইটা নিৰ্মাণ কৰাৰ বাবদ দিয়া হয় মাত্ৰ 330 টকা ।

পখিলা খেদাৰ বয়সৰ এই শিশুসকলে ইটা ভাটাৰ স্বত্বাধিকাৰী উৎপল মেধিৰ বিৰুদ্ধে ৰঙিয়া শ্ৰম বিভাগে এতিয়ালৈ গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা । বিভাগটোৰ বৰমুৰীয়াই শ্ৰমিকৰ কাৰণে কাম কৰিবলৈ এৰি ইটা ভাটাৰ মালিকৰ সৈতে মিলি শিশু শ্ৰমিকসকলক শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ।

লগতে পঢ়ক :প্ৰধান শিক্ষকৰ কামনাৰ বলি ছাত্ৰী

ABOUT THE AUTHOR

...view details