অসম

assam

By

Published : Dec 28, 2020, 9:58 PM IST

ETV Bharat / state

ৰঙিয়াত দলং নিৰ্মাণত কাঁইট হৈ থিয় দিছে বিদ‍্যুৎ পৰিবাহী তাঁৰ

ৰঙিয়াৰ কলমণী-বৰকুকুৰীয়াত এখন দলঙৰ নিৰ্মাণ কাৰ্য‍ত বাধা হৈ থিয় দিছে কেইডালমান উচ্চ ক্ষমতা সম্পন্ন বিদ‍্যুৎ পৰিবাহী তাঁৰ ৷ অঞ্চলটোৰ ডানিছ আলি পথত থকা দলঙখনৰ নিৰ্মাণ ইতিমধ্যে 80 শতাংশ সম্পূৰ্ণ হৈছে ।

rangia-bridge-construction-news
ৰঙিয়াত দলং নিৰ্মাণত কাঁইট হৈ থিয় দিছে বিদ‍্যুৎ পৰিবাহী তাঁৰ

ৰঙিয়া, 28 ডিচেম্বৰ : কামৰূপ জিলাৰ ৰঙিয়াৰ কলমণী-বৰকুকুৰীয়াত এখন দলঙৰ নিৰ্মাণ কাৰ্য‍ত বাধা হৈ থিয় দিছে কেইডালমান উচ্চ ক্ষমতা সম্পন্ন বিদ‍্যুৎ পৰিবাহী তাঁৰ ৷ অঞ্চলটোৰ ডানিছ আলি পথত থকা দলঙখনৰ নিৰ্মাণ ইতিমধ্যে 80 শতাংশ সম্পূৰ্ণ হৈছে ।

নিৰ্মিয়মান দলঙখনৰ একেবাৰে গাতে লাগি থকা ট্ৰেন্সফৰ্মাটোৰ বাবে বৰ্তমান নিৰ্মাণ কাৰ্য‍ত অসুবিধাৰ সৃষ্টি হৈছে । এই ট্ৰেন্সফৰ্মাটোৰ পৰা দলঙৰ ওপৰেৰে আৰু কাষেৰে অতি উচ্চ ক্ষমতা সম্পন্ন বিদ‍্যুৎ পৰিবাহী তাঁৰ সমূহ টনা আছে । ফলত দলঙখনত শেহতীয়াকৈ নিৰ্মাণ কৰিবলগীয়া ৰেলিং আৰু তলৰ ফালৰ এক বৃহৎ অংশৰ নিৰ্মাণ বন্ধ কৰিবলগীয়া হৈছে ।

ৰঙিয়াত দলং নিৰ্মাণত কাঁইট হৈ থিয় দিছে বিদ‍্যুৎ পৰিবাহী তাঁৰ

উল্লেখযোগ্য যে, ট্ৰেন্সফৰ্মাটো সেই স্থানৰ পৰা স্থানান্তৰিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্মাণকাৰী সংস্থাটোৱে তিনিবাৰকৈ লিখিত ভাৱে আবেদন জনাইছে যদিও বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নায় ।

লগতে পঢ়ক :উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ দেহত কোভিড 19: এইমছত ভৰ্তি

ABOUT THE AUTHOR

...view details