অসম

assam

ETV Bharat / state

বৰলীয়া নৈৰ গৰাখহনীয়াত অতিষ্ঠ ৰঙিয়াবাসী - RANGIA MASSIVE EROSION ASSAM

চৰকাৰ,সংশ্লিষ্ট বিভাগ অথবা নেতা-মন্ত্ৰী কোনেও সহায় নকৰাৰ অভিযোগ। জীৱন-জীৱিকা লৈ গভীৰ সংকট কঢ়িয়াই অনা বৰলীয়া নৈৰ গৰাখহনীয়া ৰোধৰ বাবে আহ্বান ভুক্তভোগীৰ অহ্বান ৷

বৰলীয়া নৈৰ গৰাখহনীয়াত অতীষ্ঠ ৰঙিয়াবাসী
বৰলীয়া নৈৰ গৰাখহনীয়াত অতীষ্ঠ ৰঙিয়াবাসী

By

Published : Jan 22, 2020, 1:20 PM IST

Updated : Jan 22, 2020, 1:38 PM IST

ৰঙিয়া, 22 জানুৱাৰীঃ ৰঙিয়াৰবৰলীয়া নৈৰ ভয়াৱহ গৰাখহনীয়াত উত্তৰ বনগাঁওত কেইবাটাও গৃহ জাহ যোৱাৰ উপক্ৰম হৈছে। আতংকিত হৈ পৰিছে গঞা ৰাইজ। কাণসাৰ নাই জলসম্পদ বিভাগ অথবা চৰকাৰৰ। চৰকাৰ,সংশ্লিষ্ট বিভাগ অথবা নেতা-মন্ত্ৰী কোনেও সহায় নকৰাৰ অভিযোগ। এইসকল লোকৰ জ্বলন্ত সমস্যাকলৈ মুঠেও দায়িত্ববোধ নাই । বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা লোৱা নাই । নৈ পৰীয়া গঞা ৰাইজ বৰলীয়া নৈৰ ভংয়কৰ খহনীয়াৰ তাণ্ডৱ ৰূপত আংতকিত হৈ পৰিছে। পথৰ বাবে নিজৰ ম‍্যাদী মাটি এৰি দিয়া বহুলোকৰ বাসগৃহও ইতিমধ্যে নৈত জাহ গৈছে। যাতায়াত -যোগাযোগকে ধৰি সকলো দিশতে পিছপৰা এই নৈ পৰীয়া অঞ্চলতোৰ অৰ্ধ-শতাধিক পৰিয়ালৰ জীৱন-জীৱিকা লৈ গভীৰ সংকট কঢ়িয়াই অনা বৰলীয়া নৈৰ গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই এই পৰ্যন্ত।

জীৱন-জীৱিকা লৈ গভীৰ সংকট
Last Updated : Jan 22, 2020, 1:38 PM IST

ABOUT THE AUTHOR

...view details