অসম

assam

ETV Bharat / state

বিজেপিৰ কৰ্মী সভাত আধাতে উঠি গ‘ল ৰাইজ

শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷ ৰঙিয়াৰ চেপ্তিত বিজেপি দলে আৰম্ভ কৰিছিল বিশাল কৰ্মী সভাৰ ৷ উক্ত সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ভাষণ দি থকাৰ সময়তে একাংশ লোকে সভাস্থলী ত্যাগ কৰা পৰিলক্ষিত হ‘ল ৷

By

Published : Jan 7, 2021, 9:51 PM IST

rangia-bjp-meeting
বিজেপিৰ কৰ্মী সভাত আধাতে উঠি গ‘ল ৰাইজ

ৰঙিয়া, 7 জানুৱাৰী : ৰঙিয়াৰ চেপ্তিত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল কৰ্মী সভাত আধাতে উঠি গ‘ল ৰাইজ। বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভাষণ আৰম্ভ কৰাৰ পিছতে এজন এজনকৈ প্ৰায় সংখ্যক লোকেই সভা ত্যাগ কৰা পৰিলক্ষিত হয়। আৰম্ভণিতে কৰ্মী সভাখনত কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰিছিল যদিও ৰঞ্জিত দাসৰ ভাষণৰ সময়ত বহু সংখ্যক লোকে সভাস্থলী ত্যাগ কৰে।

বিজেপিৰ কৰ্মী সভাত আধাতে উঠি গ‘ল ৰাইজ

সভাস্থলীত ৰঞ্জিত দাসে একপ্ৰকাৰে আধাতকৈ অধিক খালি চকীৰ সন্মুখতে ভাষণ ৰাখিবলগীয়া হয়। ৰাইজ উঠি গলেও কিন্তু ৰঞ্জিত দাসৰ ভাষণ সম্পুৰ্ণ মনোযোগেৰে শুনিলে মঞ্চত থকা বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বৈজান্ত পাণ্ড, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ লগতে বহু কেইগৰাকী নেতাই।

উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ ৰাজনৈতিক দল সমূহে প্ৰতিশ্ৰুতিৰ লগতে বিভিন্ন আঁচনিও ঘোষণা কৰিছে ৷ শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় অখিল গগৈৰ মুক্তি !

ABOUT THE AUTHOR

...view details