অসম

assam

ETV Bharat / state

ৰঙিয়াত বিহু উদযাপন - সাংস্কৃতিক শোভাযাত্ৰা

ৰঙিয়াত তিনিদিনীয়াকৈ আয়োজন কৰা বিহু অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী শোভাযাত্ৰাৰ মাধুৰীমা চৌধুৰীয়ে শুভাৰম্ভ কৰে ৷ বিভিন্ন জাতি-জনগোষ্ঠিৰ সমাহাৰেৰে অনুষ্ঠিত হ'ল এই সাংস্কৃতিক শোভাযাত্ৰাৰ৷

ৰঙিয়াত বিহুত উদযাপন

By

Published : Apr 15, 2019, 8:29 PM IST

ৰঙিয়া,15এপ্ৰিল: ৰাজ্যৰ চৌদিশে কেৱল বিহুৰ আনন্দ ৷ সমগ্ৰ অসমৰ লগতে বাপতি সাহোন বিহুটিক আদৰিবলৈ তৎপৰ হৈ পৰিল ৰঙিয়াবাসী ৷ সোমবাৰে ৰঙিয়াৰ প্ৰগতি সংঘ, জয়ন্তীপুৰৰ বিহু সন্মিলনৰ লগতে মৰঞ্জনাৰ ৰাজহুৱা বিহু থলীত উৰিল বিহুৰ পতাকা । ৰাইজে উলহ মালহেৰে স্বাগতম্ জনালে অসমীয়া নৱবৰ্ষক ।

ৰঙিয়াত বিহুত উদযাপন

বিভিন্ন কাৰণত সোণালী জয়ন্তী উদযাপন কৰিব নোৱাৰা উত্তৰ ৰঙিয়া ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ তিনিদিনীয়াকৈ আয়োজন কৰিছে বিহুৰ । সোমবাৰে দ্বিতীয় দিনা পুৱাই এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয় । বড়ো, চাউতালীৰ লগতে অসমীয়া যুৱক-যুৱতীসকলে জাতীয় সাজপাৰ পিন্ধি অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে মাধুৰীমা চৌধুৰীয়ে । বৃহত্তৰ জয়ন্তীপুৰৰ ৰাইজেও প্ৰথম বহাগৰ দিনা জেষ্ঠসকলৰ আশীৰ্বাদ লৈ বিভিন্ন ৰং ধেমালিৰে বছৰটোৰ বছৰটোৰ আৰম্ভণি কৰে ।

ABOUT THE AUTHOR

...view details