ৰঙিয়া, 28 জানুৱাৰীঃ খৰালি কালতো বানত বুৰি আছে ৰঙিয়াৰ এটা অঞ্চল ৷ বাৰিষাৰ বানপানীৰ লগত অসমৰ ৰাইজ ভালদৰেই পৰিচিত। কিন্তু খৰালিৰ শুকান বতৰতো কৃত্ৰিম বানত ডুব গৈ আছে ৰঙিয়াৰ এখন গাঁও। খৰালি মাহৰ বানে জ্বলা-কলা খুৱাইছে ৰঙিয়াৰ উত্তৰ বনগাঁওৰ ১৭০ টাকৈ পৰিয়ালক । ৰঙিয়া নগৰৰ পানী নিষ্কাশনৰ বিজ্ঞানসন্মত ব্যৱস্থা নথকাৰ বাবে আবতৰীয়া বানৰ কৱলত পৰিছে ৰঙিয়াবাসী, এই অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ উপযুক্ত পানী নিস্কাষণৰ ব্যৱস্থা নথকাৰ বাবেই কৃত্ৰিম বান পানী হোৱাৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে লোকসকল ।
খৰালি কালতো বানত বুৰি আছে ৰঙিয়াৰ এটা অঞ্চল - RANGIA ARTIFICIAL FLOOD IN JANUARY 2020
ৰঙয়িতা আবতৰীয়া বানৰ কৱলত কেবাটাও অঞ্চল ৷ ৰঙিয়া পানী নিষ্কাশনৰ বিজ্ঞানসন্মত ব্যৱস্থা নথকাৰ বাবে আবতৰীয়া বানৰ কৱলত পৰা অভিযোগ ভুক্তভোগী ৰাইজৰ ৷

খৰালি কালতো বানত বুৰি আছে ৰঙিয়াৰ এটা অঞ্চল
বিশেষকৈ কণ-কণ ল'ৰা-ছোৱালীয়ে ছালৰ ৰোগত আক্ৰান্ত হ'ব লগা হৈছে । কদৰ্য পানীৰে ভৰি পৰাত গছ-গছনি,খেতিপথাৰ বিনষ্ট হোৱাৰ লগতে পশুধনৰো হানি হোৱাৰ উপক্ৰম হৈছে । কৃত্ৰিম বানৰ বাবে গাঁওখনত ১০৮ এম্বুলেন্স সেৱা অথবা অগ্নি নিৰ্বাপক বাহিনী আহিব পৰা নাই । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
খৰালি কালতো বানত বুৰি আছে ৰঙিয়াৰ এটা অঞ্চল
লগতে চাওকঃখাম, চিফুঙৰ তালে তালে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি ফটকা ফুটাই আনন্দ উল্লাস বড়োভূমিত