ৰঙিয়া,৭ জুলাইঃ দেওবাৰে এপ'ল মিলত চাফাই অভিযানত নামিছে মিলৰ কৰ্মচাৰী সকল । অহা ৯ জুলাই মঙলবাৰে ৰঙিয়াৰ তৰণীস্থিত এপ'ল মিল পৰিদৰ্শন কৰিবলৈ আহিব ছাউথ ইণ্ডিয়া টেক্সটাইল ৰিচাৰ্ছ এছ'ছিয়েচনৰ পৰা দুগৰাকী গৱেষক বিষয়া ।
এপ'ল মিলৰ কৰ্মচাৰী নামিছে চাফাই অভিযানত - rangia_apolo_mill
এপ'ল মিল পৰিদৰ্শন কৰিবলৈ আহিব ছাউথ ইণ্ডিয়া টেক্সটাইল ৰিচাৰ্ছ এছ'ছিয়েচনৰ পৰা দুগৰাকী গৱেষক বিষয়া । তাৰ বাবেই এপ'ল মিলত মিলৰ কৰ্মচাৰীসকলে চলাইছে ব্যাপক চাফাই অভিযান ।
এপ'ল মিলৰ কৰ্মচাৰী নামিছে চাফাই অভিযানত
সেই সূত্ৰে মিলটোত কৰ্মচাৰী দ্বাৰা চলিছে ব্যাপক চাফাই অভিযান । অসম চৰকাৰৰ আমন্ত্ৰণ মৰ্মে অহা বিষয়া দুগৰাকীয়ে মিলটোৰ মেচিন সমূহ পৰ্য্যবেক্ষণ কৰি এটা ৰিপোৰ্ট বনাই চৰকাৰৰ হাতত জমা কৰিব । কৰ্মচাৰী সকলে আশা কৰিছে, ইয়াৰ পিছত হয়তো মিলটো পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ যি প্ৰচেষ্টা চলি আছে সেয়া খৰতকীয়া হ'ব । সেয়ে এতিয়া এই খবৰে এপ'ল মিলৰ কৰ্মচাৰী সকলৰ বাবে কঢ়িয়াইছে এক আশাৰ বতৰা ।