ৰঙিয়া, 4 অক্টোবৰ : ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা । গুৱাহাটী অভিমুখী এখন বাছৰ পৰা পৰি থিতাতে নিহত হয় বাছখনৰ হেণ্ডিমেনজনৰ । নিহত লোকজন বাইহাটা চাৰিআলিৰ ৰেকিব আলী বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে বাছ লৈ পলায়নৰ চেষ্টা কৰে বাছৰ চালকে । কিন্তু তৎপৰতাৰে চালকসহ বাছখনক জব্দ কৰি ৰাইজে আৰক্ষীক চমজাই দিয়ে । AS-14-C-5561 নম্বৰৰ ফাৰ্জিনা নামৰ বাছখন নলবাৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।
ৰঙিয়াত চলন্ত বাছৰ পৰা পৰি নিহত যুৱক - ৰঙিয়া দুৰ্ঘটনা
গুৱাহাটী অভিমুখী এখন বাছৰ পৰা পৰি থিতাতে নিহত হয় বাছখনৰ হেণ্ডিমেনজনৰ । নিহত লোকজন বাইহাটা চাৰিআলিৰ ৰেকিব আলী বুলি জানিব পৰা গৈছে ।
![ৰঙিয়াত চলন্ত বাছৰ পৰা পৰি নিহত যুৱক Rangia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9046827-thumbnail-3x2-p.jpg)
Rangia