ৰঙিয়া, 26 ছেপ্তেম্বৰ:খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগেৰে ৰঙিয়াত আছুৰ প্ৰতিবাদ ৷ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকী শৱদেহ লৈ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ ৰাজপথত বৰকাঁহ বজাই বিশাল সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ব্যৰ্থ মন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মূল্যবৃদ্ধি ৰোধত চুড়ান্ত ভাবে ব্যৰ্থ হোৱা যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কৰে ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী কৰ্মীসকলে ৷
যোগান মন্ত্ৰীলৈ ইমান খং কিয় ছাত্ৰ সন্থাৰ ? - দৰিদ্ৰ জনসাধাৰণক জুৰুলা কৰাৰ অভিযোগ আছুৰ
যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকী শৱদেহ লৈ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সমদল ৷ যোগান মন্ত্ৰী গৰাকীৰ পদত্যাগো দাবী কৰিলে ছাত্ৰ সন্থাই ৷

ৰঙিয়াত যোগান মন্ত্ৰীৰ প্ৰতিকী শৱদেহ যাত্ৰা
ৰঙিয়াত যোগান মন্ত্ৰীৰ প্ৰতিকী শৱদেহ যাত্ৰা
উল্লেখ্য যে, বিজেপি চৰকাৰখনে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ কেৱল মাত্ৰ বনিক গোষ্ঠীৰ লাভৰ বাবেই চৰকাৰখনে সাধাৰণ ৰাইজক টেটু চেপা দিয়া বুলি অভিযোগ উত্থাপন কৰি শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷
লগতে পঢ়কঃ সৰ্বানন্দ সোণোৱালক সৰ্বকালৰ ব্যৰ্থ মুখ্যমন্ত্ৰী আখ্যা অখিল গগৈৰ