অসম

assam

ETV Bharat / state

ৰঙিয়াত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৩০ বছৰ ধৰি সম্পূৰ্ণ নোহোৱা এন আৰ চি বিজেপি চৰকাৰে তিনি বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰি দেখুৱালে। ঠিক তেনেদৰে অসম চুক্তিৰ ৬নং দফাও অতি সোনকালে কাৰ্যকৰী কৰিব বিজেপি চৰকাৰে।

ram madhav speech  modi birthday clelebration porgamme at rangia
ৰঙিয়াত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ

By

Published : Sep 17, 2020, 9:38 PM IST

ৰঙিয়া,17 ছেপ্তেম্বৰঃ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাটো আমাৰ পৰম কৰ্তব্য। অসমৰ সভ‍্যতা-সংস্কৃতি, ৰীতি-নীতি ৰক্ষা কৰাটো আমাৰ দলৰ কৰ্তব্য আৰু সেয়া নিশ্চিত ভাৱে পূৰণ হ’ব। বিশ্বাস ৰাখক,অসমৰ চুক্তিৰ ৬নং দফা কাৰ্যকৰী হোৱাৰ ৰাইজৰ ইচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৰণ কৰিব। এই দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ।

ৰঙিয়াত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ

ৰঙিয়াত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি অসম চুক্তিৰ ৬নং দফাৰ ওপৰত এনেদৰে মন্তব্য কৰে। লগতে ৰাম মাধৱে কয় যে,৩০ বছৰ ধৰি সম্পূৰ্ণ নোহোৱা এন আৰ চি বিজেপি চৰকাৰে তিনি বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰি দেখুৱালে। ঠিক তেনেদৰে অসম চুক্তিৰ ৬নং দফাও অতি সোনকালে কাৰ্যকৰী কৰিব বিজেপি চৰকাৰে। ৰঙিয়াৰ হৰদত্ত-বিৰদত্ত ভৱনত নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সেৱা সপ্তাহৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাম মাধৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনমুখী কাম কাজৰ ওপৰত আলোকপাত কৰে।অনুষ্ঠানটোত ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভবেশ কলিতা,প্ৰাক্তন সাংসদ ৰমেন ডেকা, উত্তৰ কামৰূপ জিলাৰ সভাপতি নন্দন তালুকদাৰ প্ৰমুখ্যে বিভিন্ন নেতা উপস্থিত থকে।

লগতে পঢ়কঃ চৰকাৰে কিমান সময়লৈ দেশৰ নিৱনুৱা সমস্যাটো আওকাণ কৰিব ? : ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details