অসম

assam

ETV Bharat / state

ৰঙিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত - ৰঙিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মন

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত সোমবাৰে নিশা ৰঙিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুই সহযোগীৰ সৈতে নিশা গৈ থকা অৱস্থাত AS-25-CC-3071 নম্বৰৰ এখন বাহনে আগভেটী ধৰি প্ৰাৰ্থী গৰাকীৰ বাহনখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷

ৰঙিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত
ৰঙিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

By

Published : Mar 10, 2021, 8:03 AM IST

ৰঙিয়া,10 মাৰ্চ: সোমবাৰে নিশা ৰঙিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়। দুই সহযোগীৰ সৈতে নিশা AS-01-EJ-8002 নম্বৰৰ চাৰিচকীয়া বাহন এখনেৰে গৈ থকা অৱস্থাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ AS-25-CC-3071 নম্বৰৰ এখন বাহনে আগভেটী ধৰি প্ৰাৰ্থী গৰাকীৰ বাহনখনত প্ৰচণ্ডজোৰে খুন্দা মাৰে ৷ যাৰ ফলত ক্ষতিগ্ৰস্ত হয় হৰেশ্বৰ বৰ্মনৰ বহনখন ৷

ৰঙিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

মঙলবাৰে ঘটনা সন্দৰ্ভত প্ৰাৰ্থী গৰাকীয়ে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰে ৷ এই দুৰ্ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে ৷

লগতে পঢ়ক:বিধানসভা নিৰ্বাচন: প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 456 প্ৰাৰ্থীয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details