গুৱাহাটী,20 আগষ্ট: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশমৰ্মে শুকুৰবাৰে অসমৰ প্ৰত্যেকখন জিলাতে পালন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম জয়ন্তী ‘সদ্ভাৱনা দিৱস’ ৷ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ মূখ্য কাৰ্যালয়তো পালন কৰা হয় এই দিৱস ৷ এই উপলক্ষ্যে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা সভাত নিদিষ্ট বক্তা হিচাপে বিশিষ্ট সাংবাদিক তথা সাংসদ অজিত কুমাৰ ভূঞাক বক্তব্য আগবঢ়ায় ৷
ভাষণত ভূঞাই কয় যে,আধুনিক ভাৰত নিৰ্মাণ কৰাৰ বাবে জৱাহৰলাল নেহেৰুৰ নাম যিদৰে লোৱা হয় ঠিকএকেদৰে বিজ্ঞান-প্ৰযুক্তিৰ নতুন ভাৰত গঢ়াৰ ক্ষেত্ৰতো বাটকটীয়া হিচাপে ৰাজীৱ গান্ধীৰ নাম ল'বই লাগিব ৷ ৰাজীৱ গান্ধীৰ দূৰদৃষ্টি সম্পন্ন চৰকাৰী পদক্ষেপৰ বাবেই আজি দেশবাসী বিজ্ঞান প্ৰদত্ত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা উপকৃত হৈছে ৷ তদুপৰি কম্পিউটাৰৰ প্ৰথম প্ৰচলন তেখেতেই আৰম্ভ কৰিছিল ৷
ইয়াৰ উপৰি বেংক, ৰেল, টেলিকমিউনিকেশ্বন, বিমানৰ উপৰিও সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাত কম্পিউটাৰ ব্যৱস্থা ৰাজীৱ গান্ধীৰ দিনতে আৰম্ভ হয় ৷ ম'বাইল ফোনৰ প্ৰচলনো প্ৰধানমন্ত্ৰী হিচাপে তেখেতেই আৰম্ভ কৰে ৷
গতিকে আধুনিক বিজ্ঞান-প্ৰযুক্তিত ভাৰতবৰ্ষ গঢ়ি উঠাৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ লোৱা প্ৰধানমন্ত্ৰী গৰাকীয়েই আছিল প্ৰয়াত ৰাজীৱ গান্ধী ৷ উক্ত সভাত সভাপতিত্ব কৰে প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই ৷ সভাপতিৰ ভাষণত তেওঁ কয় যে, আধুনিক শিক্ষা ব্যৱস্থাত বিজ্ঞান-প্ৰযুক্তি প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী গৰাকীয়েই আছিল প্ৰয়াত ৰাজীৱ গান্ধী ৷ তেখেত এজন সুবক্তাও আছিল বুলি উল্লেখ কৰে সাংসদ দ্বীজেন শৰ্মাই ৷