অসম

assam

ETV Bharat / state

14 মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং - অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

দেওবাৰে দিল্লীৰ পৰা পোনে পোনে তেজপুৰত উপস্থিত হ’ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ দেওবাৰে তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

as_ghy_rajantah-sing-will-visit-assam-on-14-march_img_7206058
14 মাৰ্চত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

By

Published : Mar 12, 2021, 12:40 PM IST

গুৱাহাটী, 12 মাৰ্চ:14 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷দেওবাৰে দিল্লীৰ পৰা পোনে পোনে তেজপুৰত উপস্থিত হ’ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ দেওবাৰে দিনৰ 11.30 বজাত বিশ্বনাথ চাৰিআলিত এক জনসভাত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পিছতেই গহপুৰ আৰু দেৰগাঁৱতো ৰাজহুৱা সভাত অংশ ল’ব ৰাজনাথ সিঙে ৷ ইয়াৰ পিছতেই বিয়লি 4.20ত পুনৰ দিল্লীলৈ উৰা মাৰিব প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং ৷

উল্লেখ্য যে, 13 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণীও ৷ মৰিয়নী, শিৱসাগৰ আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ ইতিমধ্যে দলৰ তৰফৰ পৰা দুয়োগৰাকী কেন্দ্ৰীয় নেতাৰে অসম ভ্ৰমণ নিশ্চিত কৰা হৈছে ৷

লগতে পঢ়ক-13 মাৰ্চত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী স্মৃতি ইৰাণী

ABOUT THE AUTHOR

...view details