অসম

assam

ETV Bharat / state

ৰঙিয়া ৰেল জংচনত যাত্ৰীসকলৰ হাহাকাৰ

ৰঙিয়া ৰেল জংচনত ব্যাপক অসুবিধাৰ সন্মুখীন ৰেল যাত্ৰীসকলৰ । স্থানীয় ৰেল চলাচল বন্ধ থকাৰ ফলত যমৰ-যাতনাত ভুগিছে ৰেল যাত্ৰীসকলে । অৱশ্যে কিছু সংখ্যক স্থানীয় ৰেল চলাচল কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় যাত্ৰীসকলৰ বাবে । অতিমাৰী কৰ'ণা ভাইৰাছৰ বাবে ৰাজ্যত স্থানীয় ৰেল চলাচল বন্ধ ৰখাত ক্ষুব্ধ হৈ পৰিছে যাত্ৰীসকল ।

By

Published : Feb 8, 2021, 12:27 PM IST

ৰঙিয়া ৰেল জংচনত যাত্ৰীসকলৰ হাহাকাৰ
ৰঙিয়া ৰেল জংচনত যাত্ৰীসকলৰ হাহাকাৰ

ৰঙিয়া,৮ ফেব্ৰুৱাৰী: অতিমাৰী কৰ'ণা ভাইৰাছৰ বাবে ৰাজ্যত সম্পূৰ্ণৰূপে ৰেল সেৱা আৰম্ভ নোহোৱাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে যাত্ৰীসকল । ৰঙিয়া ৰেল জংচনতো ৰেল যাত্ৰীসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । সুদীৰ্ঘ ১১ মাহে স্থানীয় ৰেল চলাচলৰ ক্ষেত্ৰত অসম চৰকাৰে বাধা আৰোপ কৰাৰ অভিযোগ যাত্ৰীসকলৰ । অৱশ্যে কিছু সংখ্যক স্থানীয় ৰেল চলাচল কৰে যদিও সেয়া পৰ্যাপ্ত নহয় যাত্ৰীসকলৰ বাবে । যাৰ ফলত ঘন্টাৰ পিছত ঘন্টা ধৰি ৰৈ থাকিবলগীয়া হৈছে এইসকল যাত্ৰী । অন্যথা অত্যাধিক ধন খৰচ কৰি ব্যক্তিগত বাহন ভাড়া কৰি নিজৰ গন্তব্য স্থানলৈ গতি কৰিবলৈ বাধ্য হৈছে সাধাৰণ শ্ৰেণীৰ লোকসকল ।

ৰঙিয়া ৰেল জংচনত যাত্ৰীসকলৰ হাহাকাৰ

ৰাজনৈতিক জনসভাত চৰকাৰৰ বাধা নাই,কিন্তু স্থানীয় ৰেল চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰিছে এইসকল যাত্ৰীয়ে । চৰকাৰৰ এনে সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছে যাত্ৰীসকল । দীৰ্ঘদিনীয়া লকডাউনৰ অন্তত স্বাভাৱিক জীৱন-যাত্ৰা ঘূৰি আহিছে যদিও ৰেল চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ ফলত যমৰ-যাতনাত ভুগিছে যাত্ৰীসকলে । ইফালে অসম চৰকাৰৰ নিৰ্দেশ লাভ কৰিলেই স্থানীয় ৰেল চলাচল আৰম্ভ হ'ব বুলি মন্তব্য কৰে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধক ভি এ মালেগাওকাৰে ।

লগতে পঢ়ক:কাছাৰত বিজেপিৰ সন্মিলনী সভা

ABOUT THE AUTHOR

...view details