ৰঙিয়া, 27 ডিচেম্বৰ:পথ নাই ! উপায়বিহীন জনতাই ৰেলৰ আলিৰেই দৈনিক কৰিবলগীয়া হৈছে এক বিপদসংকুল যাত্ৰা ৷ এনে দৃশ্য দেখিবলৈ পোৱা সেই অঞ্চলটো হৈছে কামৰূপ-তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল ৷ কামৰূপ-তামুলপুৰ জিলাৰ সীমান্তৰ ৰঙিয়াৰ চিৰাখুন্দিত বিকল্প পথৰ অভাৱত ৰাইজে বছৰ বছৰ ধৰি ৰেলৰ আলিৰেই আহ-যাহ কৰিবলৈ বাধ্য হৈ আহিছে । সীমান্তৱৰ্তী অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা বৰলীয়া নৈৰ ওপৰত ৰঙিয়া-মুৰ্কংচেলেক ৰেল পথৰ বাবে ৰেল বিভাগে স্থাপন কৰিছিল এখন দলং ।
কিন্তু আক্ষেপৰ বিষয় যে, স্থানীয় ৰাইজৰ যাতায়তৰ বাবে কোনোধৰণৰ দলঙৰ ব্যৱস্থা নাই উক্ত অঞ্চলটোত (Road communication for people of Chirakhundi)। ফলত মৰণত শৰণ লৈ ৰাইজে ৰেল পাৰ হোৱা দলঙৰ ওপৰেৰে যাতায়ত কৰিবলগীয়াত পৰিছে । যান-বাহন, পথচাৰী সকলোৱে এই ৰেলপথটিৰেই বিপদসংকুলভাৱে পাৰ হৈ যাবলগীয়াত পৰে (Railway line is only road communication for Chirakhundi)।
ৰেল অহাৰ সময়ত সেই স্থানেৰে পাৰ হোৱা স্থানীয় লোকসকলে প্ৰাণৰ মমতাত ৰেল পথচোৱা দৌৰি অথবা দলঙৰ পৰা জপিয়াবলৈ বাধ্য হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ অৱহেলাৰ বাবেই বৰ্তমানেও এনেদৰেই বিপদসংকুলভাৱে যাতায়ত কৰি আহিছে কামৰূপ-তামুলপুৰ জিলাৰ সীমান্তৰ ৰঙিয়াৰ চিৰাখুন্দিৰ কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে ৷ দুৰ্ভাগ্যজনক বিষয় যে, ৰেলৰ আলিৰে যাতায়ত কৰি থকা অৱস্থাত ৰেলৰ খুন্দাত কেইবাগৰাকী লোকৰ প্ৰাণ হানি হোৱাৰ লগতে বহু লোক চিৰদিনৰ বাবে ঘুণীয়া হোৱা বুলিও উল্লেখ কৰিলে স্থানীয় ৰাইজে । তৎসত্বেও কাণষাৰ নাই স্থানীয় বিধায়ক, স্থানীয় প্ৰশাসন তথা চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷