ছয়গাঁও ২১ নৱেম্বৰঃশৰাইঘাট এক্সপ্ৰেছক ৰে’লপথ মুকলি কৰি দিয়াৰ বাবে বঙাইগাঁও-গুৱাহাটী ডেমো এক্সপ্ৰেছক দীৰ্ঘ সময় ধৰি আবদ্ধ কৰি ৰখাত বৃহস্পতিবাৰে ৰাতিপুৱা ছয়গাঁও ৰে’ল ষ্টেচনত এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বহু সময় ধৰি ৰে'লপথ অৱৰোধ কৰি ৰাখে ডেমো ৰে’লৰ যাত্ৰী সকলে।
ছয়গাঁৱৰ ৰে’ল ষ্টেচনত ৰে’ল যাত্ৰীৰ প্ৰতিবাদ - protest at assam
যাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ প্ৰতিবাদকাৰীৰ ৷
যাত্ৰী সকলৰ অভিযোগ অনুসৰি হাওৰাৰ পৰা গুৱাহাটী অভিমুখে অহা শৰাইঘাট এক্সপ্ৰেছৰে’লখনক ৰে’লপথ মুকলি কৰি দিয়াৰ বাবে প্ৰায়ে এনেদৰে বঙাইগাঁও- গুৱাহাটীডেমো এক্সপ্ৰেছ ৰে’লগাড়ীখন দীৰ্ঘসময় ধৰি আবদ্ধ কৰি ৰখা হয় যাৰ ফলত বঙাইগাঁৱকে ধৰি বিভিন্ন স্থানৰ পৰা ৰে'লখনত অহা চৰকাৰী কৰ্মচাৰী সকলৰ নিজৰ কাৰ্যালয়ত উপস্থিত হওতে যথেষ্ট পলম হয়। তদুপৰি গুৱাহাটীলৈ চিকিৎসা তথা অন্য কামৰ বাবে অহা যাত্ৰীকলে সময়মতে যথাস্থানত উপস্থিত হ’ব নোৱাৰাত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’ব লগাত পৰে। সেয়ে ৰে’ল কৰ্মচাৰীৰ কাৰ্যত আগৰে পৰাই যাত্ৰীসকল ক্ষুব্ধ হৈ আছিল আৰু বৃহস্পতিবাৰে সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে। ইফালে যাত্ৰী সকলে ৰে’লপথ অবৰোধ কৰি ৰখাৰ খবৰ পাই ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
লগতে পঢ়কঃতেজপুৰত 9 খনকৈ চুৰি বাইকসহ এজনক আটক