গুৱাহাটী, 27 জুলাই : অসম-মিজোৰাম সীমান্তৰ (Assam-Mizoram Border) লাইলাপুৰত (Lailapur) সংঘটিত হোৱা ঘটনাৰ প্ৰতিবাদ জনাই মঙলবাৰে ৰাইজৰ দলে (Raijor Dal) গুৱাহাটীৰ মিজোৰাম ভৱনৰ সন্মুখত (Mizoram Bhawan) প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰাৰ লগতে মিজোৰাম চৰকাৰক গৰিহণা দিয়ে ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে মিজোৰাম ভৱনৰ সন্মুখ উত্তাল কৰি তোলে ৷ লগতে আন্তঃৰাজ্যিক সীমা বিবাদৰ সমস্যা সমাধানত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বাবেই কাছাৰৰ লাইলাপুৰৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷
ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কয় যে, চৰকাৰৰ ব্যৰ্থতাৰ বাবেই পাঁচ জনকৈ আৰক্ষীৰ জোৱানৰ লগতে এজন নাগৰিকৰ মৃত্যু হ'ল আৰু অৰ্ধশতাধিক জোৱান আহত হ'ল ৷ আহতসকলৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৰাইজৰ দলৰ নেতাজনে ৷ অসম আৰক্ষীৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি তেওঁ কয় যে, ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰো সম্পূৰ্ণৰূপে এইক্ষেত্ৰত বিফল ৷ কেৱল নিয়মমাফিক কিছু কামেৰে এই সীমান্ত সমস্যাক সদায়েই সাধাৰণ সমস্যাৰূপে চৰকাৰে ভাবি অহাটো ধিক্কাৰজনক ৷
লগতে পঢ়কঃসীমা বিবাদৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমতে আগবাঢ়িব অসম