অসম

assam

ETV Bharat / state

মেট্ৰিকত ভাল ৰিজাল্টৰ নামত বৃহৎ ধনৰ লেনদেন ! - raid in school inspectors office in kamrup district

MONEY FOR JOB নহয় এইবাৰ এইখন অসমত সংঘটিত হৈছে MONEY FOR RESULT ৰ দৰে নিকৃষ্ট ঘটনা ৷ যাৰ বাবে কামৰূপ জিলাৰ স্কুলসমূহৰ পৰিদৰ্শক কাৰ্যালয়ত শনিবাৰে এক বৃহৎ অভিযান চলাই কামৰূপ আৰক্ষীৰ দলে ৷ অভিযানত কাৰ্যালয়টোৰ চাৰিগৰাকী বিষয়া-কৰ্মচাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

raid-in-school-inspectors-office-in-kamrup-district-for-allegedly-carrying-out-large-money-transactions-in-the-name-of-giving-good-results-in-hslc
মেট্ৰিকত ভাল ৰিজাল্টৰ নামত বৃহৎ ধনৰ লেনদেন

By

Published : Jul 17, 2021, 10:55 PM IST

গুৱাহাটী, 17 জুলাই : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত থকা ক'ভিড আতংকৰ বাবে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ শৈক্ষিক জীৱন বিপদাপন্ন হোৱাৰ সময়তে পোহৰলৈ আহিছে শিক্ষাখণ্ডত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনা ৷ মেট্ৰিকত ভাল ৰিজাল্ট দিয়াৰ নামত বৃহৎ ধনৰ লেনদেন সংঘটিত কৰাৰ অভিযোগত শনিবাৰে কামৰূপ জিলাৰ স্কুল সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত 4 ঘন্টা ধৰি অভিযান চলালে কামৰূপ আৰক্ষীৰ বৃহৎ দলে ৷ অভিযান কালত কামৰূপ জিলাৰ স্কুল সমূহৰ পৰিদৰ্শক মাধৱ ডেকাৰ লগতে আন তিনি গৰাকী কৰ্মচাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন কেই গৰাকী হ'ল শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক ফুলপাহী নাথ, কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰশান্ত দাস আৰু এগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতা ৷

মেট্ৰিকত ভাল ৰিজাল্টৰ নামত বৃহৎ ধনৰ লেনদেন

উল্লেখ্য যে,মেট্ৰিকত ভাল ৰিজাল্ট দিয়াৰ বিনিময়ত কাৰ্যালয়টোত ব্যাপক ধনৰ লেনদেন হোৱাৰ খবৰ লাভ কৰাৰ পাছতে কাৰ্যালয়টোত এই অভিযান চলাই কামৰূপ আৰক্ষীৰ এশ জনীয়া এটা দলে ৷ আৰক্ষীয়ে জনাৱো মতে, কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰীয়ে মেট্ৰিকৰ ফলাফলত প্ৰথম বিভাগ,ষ্টাৰ, ডিষ্টিংচন, স্থান নিৰ্ধাৰন আদিৰ বিনিময়ত ধনৰ লেনদেন কৰাৰ খবৰ লাভ কৰা হৈছে ৷ যাৰ বাবে শনিবাৰে কাৰ্যালয়টোত হঠাৎ অভিযান চলাই আৰক্ষীয়ে৷ বৰ্তমান আটক কৰা আটাই কেইগৰাকীকে পৃথকে পৃথকে মাৰাথান জেৰা অব্যাহত ৰাখিছে কামৰূপ আৰক্ষীয়ে ৷

আৰক্ষীয়ে জনোৱা মতে, অভিযানকালত কামৰূপ জিলাৰ স্কুল সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা কেইবাটাও লেপটপ, ম'বাইল ফোন আৰু বহুতো নথিপত্ৰ জব্দ কৰা হৈছে ৷ লগতে অভিযানত বুজন পৰিমানৰ নগদ ধনো জব্দ কৰিছে কামৰূপ আৰক্ষীয়ে ৷

লগতে পঢ়কঃহিতাধিকাৰী বেয়া পোৱা মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী সৃষ্টিত নামিল কিয় !

ABOUT THE AUTHOR

...view details