অসম

assam

ETV Bharat / state

লাম্পি সমস্যাক লৈ গোৰ্খা ছাত্ৰ সন্থাৰ অভিযোগ নস্যাৎ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ

লাম্পিক লৈ মেঘালয়ে সময়ে সময়ে অসমৰ জনতাক কৰা আক্ৰমণৰ সমস্যাৰ, জন্মলগ্নৰে পৰা ভুক্তভোগী বুলি মন্তব্য ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীৰ ৷ এই ক্ষেত্ৰত পৰিষদৰ তৰফৰ পৰা বহুবাৰ চৰকাৰক আবেদন নিবেদন কৰা হৈছিল যদিও কোনো সুফল নোপোৱা বুলিও জনায় অৰ্জুন চেত্ৰীয়ে ৷

Rabha Hajong Autonomous Council press meet on Lampi issue
লাম্পী সমস্যাক লৈ গোৰ্খা ছাত্ৰ সন্থাৰ অভিযোগ নস্যাৎ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ

By

Published : Aug 17, 2020, 10:05 AM IST

কামৰূপ,17 আগষ্টঃ লাম্পিত সংঘটিত অসমীয়া লোকক আক্ৰমণৰ ঘটনাৰ বাবে গোৰ্খা ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থাৰ লগতে, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী বিষয়াই বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগক নস্যাৎ কৰিছে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে ৷ দেওবাৰে, বকোস্থিত ভানু ভৱনত আয়োজন কৰা সংবাদমেলত উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীয়ে এই অভিযোগক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

লাম্পি সমস্যাক লৈ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সংবাদমেল

আনহাতে, লাম্পিক লৈ মেঘালয়ে সময়ে সময়ে অসমৰ জনতাক আক্ৰমণ কৰা সমস্যাৰ জন্মলগ্নৰে পৰা ভুক্তভোগী বুলিও মন্তব্য কৰে, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্যগৰাকীয়ে ৷ এই ক্ষেত্ৰত পৰিষদৰ তৰফৰ পৰা বহুবাৰ চৰকাৰক আবেদন নিবেদন কৰা হৈছিল যদিও কোনো সুফল নোপোৱা বুলি জনায় অৰ্জুন চেত্ৰীয়ে ৷ দেওবাৰৰ এই সংবাদমেলত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, সাধাৰণ সদস্য অৰ্জুন চেত্ৰী, কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতিৰ সভাপতি গোপাল শৰ্মা, সম্পাদক কৈলাশ শৰ্মা, উপদেষ্টা নীলোমণি উপাধ্যায় তথা গোৰ্খা কল্যাণ সমিতিৰ প্ৰাক্তন সভাপতি দুৰ্গা প্ৰসাদ শৰ্মা ৷

উল্লেখ্য যে, বিগত 13 আগষ্টত লাম্পিৰ লগতে নিকটৱৰ্তী মাকৈবাৰী, সুন্দৰপুৰ গাঁৱৰ ৰাইজে মাকৈবাৰী-সুন্দৰপুৰ পথটো মেৰামতি কৰি আছিল ৷ তেনে সময়তে মেঘালয় আৰক্ষীৰ এটা বৃহৎ দল সেই স্থানত উপস্থিত হৈ কাম কৰি থকা লোকসকলক মেঘালয়ৰ মাটিত কাম কৰিছে বুলি ভাবুকি দিয়ে ৷ ৰাইজে ওলোটাই মেঘালয় আৰক্ষীক প্ৰত্যুত্তৰ দিয়াত লাম্পিৰ স্থানীয় সম্ভু ছেত্ৰী আৰু হৰি থাপা নামৰ যুৱক দুগৰাকীক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ লগতে, মেঘালয় আৰক্ষীয়ে যুৱকদ্বয়ৰ লগতে কাম কৰি থকা আন তিনিগৰাকী লোকক আটক কৰি লৈ যায় ৷

এই ঘটনাৰ চৰজমিন তদন্ত কৰিবলৈ যোৱা ১৫ আগষ্টত লাম্পিত উপস্থিত হৈছিল গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইজন বিষয়ববীয়াসহ বীৰ লাচিত সেনাৰ সভাপতি আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা এগৰাকী ৷ দলটোৱে ঘটনাৰ সমগ্ৰ বুজ লৈ পৰৱৰ্তী সময়ত এখন সংবাদমেল অনুষ্ঠিত কৰি সেই অঞ্চলত ধাৰাবাহিকভাৱে চলি থকা অসমীয়া লোকৰ ওপৰত মেঘালয়ৰ অত্যাচাৰৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থাক জগৰীয়া কৰাৰ লগতে, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল ৷

লগতে পঢ়ক-বকোৰ লাম্পিত অব্যাহত সীমান্তৱৰ্তী লোকৰ সংঘাত

ABOUT THE AUTHOR

...view details