অসম

assam

১১ দিনীয়া কাৰ্য্যসূচীৰে ৰামদিয়াত ভগবান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

By

Published : Nov 12, 2019, 12:51 AM IST

হাজোৰ ৰামদিয়াত সোমবাৰৰ পৰা আৰম্ভ ভগবান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । প্ৰতিবাৰৰ দৰে এইবছৰো তীৰ্থ নগৰী হাজোৰ ৰামদিয়াত অনুষ্ঠিত কৰা হৈছে ভগবান শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । ১১ নবেম্বৰ পৰা ১১ দিনীয়া কাৰ্য্যসূচীৰে হাজো ৰামদিয়াত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱে এইবাৰ ভৰি দিছে ১১৮ সংখ্যক বৰ্ষত ৷

ৰামদিয়াত ভগবান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

হাজো,১১ নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে হাজোৰ ৰামদিয়াত সোমবাৰৰ পৰা আৰম্ভ ভগবান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । প্ৰতিবাৰৰ দৰে এইবছৰো তীৰ্থ নগৰী হাজোৰ ৰামদিয়াত অনুষ্ঠিত কৰা হৈছে ভগবান শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । ১১ নবেম্বৰ পৰা ১১ দিনীয়া কাৰ্য্যসূচীৰে হাজো ৰামদিয়াত অনুস্থিত হোৱা ৰাস মহোৎসৱে ১১৮বৰ্ষত ভৰি দিয়ে । ১১ দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা ৰাস মহোৎসৱ সোমবাৰে শুভ উদ্বোধন কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । এই অনুষ্ঠানত উপস্থিত থাকে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপ জিলাৰ উপাযুক্ত কমল কুমাৰ বৈশ্যৰ লগতে ড৹ জয়শ্ৰী গোস্বামী মহন্ত ।

ৰামদিয়াত ভগবান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ
ৰামদিয়াত ভগবান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

ৰাজ্যপালগৰাকীয়ে ৰামদিয়াত উপস্থিত হৈ অভিভূত হৈ পৰে ৷ তেওঁ কয় যে মথুৰাৰ ওপৰি অন্য কোনো ঠাইত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা এনে ধৰণে উদযাপন কৰাটো কল্পনা কৰা নাছিল ৷ ইয়াৰ উপৰিও বিধায়িকা সুমন হৰিপ্ৰিয়াই ৰামদিয়াত ৰাস চাবলৈ সমগ্ৰ অসমবাসীক নিমন্ত্ৰণ জনায় আৰু ৰামদিয়াৰ ৰাসক মাজুলীৰ ৰাসৰ দৰে জনপ্ৰিয় কৰি তুলিবলৈ অনুৰোধ জনায় ৷

ABOUT THE AUTHOR

...view details