উত্তৰ গুৱাহাটী, 7 জুলাইঃ উত্তৰ গুৱাহাটীৰ দক্ষিণ লেঙাত খাদ্যত বিষক্ৰিয়া হৈ ডেৰ শতাধিক লোক আক্ৰান্ত । নামঘৰত প্ৰসাদ আৰু চাহ-গজা খায় গুৰুতৰভাৱে অসুস্থ হ'ল উত্তৰ গুৱাহাটীৰ লেঙাবাসী । সৎসংঙ্গ ঝাৰখণ্ডৰ পৰা অহা কেইগৰাকীমান ঠাকুৰে প্ৰদান কৰা প্ৰসাদ আৰু চাহ-গজা খাই অসুস্থ হৈ পৰাৰ অভিযোগ অঞ্চলবাসীৰ ।
উত্তৰ গুৱাহাটীত খাদ্যত বিষক্ৰিয়া, শিশুসহ বহুকেইজন আক্ৰান্ত - লেঙা
নামঘৰত প্ৰসাদ আৰু চাহ-গজা খায় গুৰুতৰ ভাৱে অসুস্থ হ'ল উত্তৰ গুৱাহাটীৰ লেঙাবাসী ৷ আক্ৰান্ত সকলক চিকিৎসালয়ত ভৰ্তি ৷

উত্তৰ গুৱাহাটীত খাদ্যত বিষক্ৰিয়া, শিশুসহ বহুকেইজন আক্ৰান্ত
উত্তৰ গুৱাহাটীত খাদ্যত বিষক্ৰিয়া, শিশুসহ বহুকেইজন আক্ৰান্ত
শনিবাৰে নিশাৰ পৰা অঞ্চলটোৰ লোক সকল আক্ৰান্ত হয় শৌচ, বমি আৰু ডায়েৰীয়াত । শিশুৰ পৰা পুৰুষ-মহিলালৈ বৃহত্তৰ চুবুৰীটোৰ সকলো লোক আক্ৰান্ত হ'ল ভয়াৱহ বিষক্ৰিয়াত । ডেৰ শতাধিকৰো অধিক লোক এই বিষক্ৰিয়া আক্ৰান্ত হোৱাৰ তথ্য প্ৰদান কৰিছে অঞ্চলবাসীয়ে । ইয়াৰে প্ৰায় ২৫-৩০ গৰাকী ব্যক্তিক তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ইফালে একাংশ আক্ৰান্তক স্থানীয় লোক সকলে প্ৰেৰণ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ।
আৰু পঢ়কঃ নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাতঃ গুৰুতৰভাৱে আহত ছয়জন