ৰঙিয়া, 30 এপ্ৰিল : বটা চৰাই হৈ পৰিছে স্ব-নিয়োজনৰ অন্য এক পথ ৷ অসমীয়া সাহিত্য সংস্কৃতিত সুকীয়া স্থান দখল কৰি অহা বটা চৰাইয়ে এতিয়া ব্যৱসায়িক ক্ষেত্ৰতো দখল কৰি এক সুকীয়া স্থান ৷ ইংৰাজীত জাপানীজ কুইল নামেৰে জনাজাত এই বতাহ পালন কৰি স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে ৰঙিয়াৰ বিশ্বজিৎ ভট্ট নামৰ এইগৰাকী লোকে ৷ ৰঙিয়াৰ মুল চহৰ নিবাসী বিশ্বজিতে প্ৰায় এবছৰৰ আগতে মাত্ৰ পোন্ধৰ হাজাৰ টকা মুলধন হিচাপে লৈ আৰম্ভ কৰা এই ফাৰ্মখনত বৰ্তমানে প্ৰায় তিনি হাজাৰ প্ৰাপ্তবয়স্ক চৰাই আছে, য'ৰ পৰা নিতৌ এহেজাৰৰো অধিক কণী উৎপাদন হয় ।
বটা চৰাইয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ - চৰাইৰ মাংস আৰু কণী
বটা চৰাই পালনেৰে স্বাৱলম্বী হোৱা ৰঙিয়াৰ এগৰাকী লোক ৷ নিজৰ লগতে সংস্থাপন দিবলৈ সক্ষম হৈছে আন ছয় গৰাকীকৈ লোকক ৷ ৰঙিয়াৰ ভিন্ন ঠাইৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া লৈও ৰপ্তানি কৰিছে কুইল চৰাইৰ মাংস আৰু কণী
বটা চৰাই আৰু স্বাৱলম্বিতা
বৰ্তমান বজাৰত বটা চৰাইৰ কণী আৰু মাংসৰ চাহিদা বৃদ্ধি পোৱাত ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছে বিশ্বজিৎ ভট্ট ৷ বিভিন্ন ঔষধি গুণাগুণ থকা বটা চৰাইৰ মাংস আৰু কণী ৰঙিয়াৰ বিভিন্ন এলেকাৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈও ৰপ্তানি কৰি আহিছে লোকগৰাকীয়ে ৷