আমিনগাঁও,6 মে’ঃউত্তৰ গুৱাহাটীত মঙলবাৰে নিশা উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ ৷ উত্তৰ গুৱাহাটীৰ অন্তৰ্গত মধুপুৰ গাঁৱৰ এঘৰ লোকৰ ঘৰৰ হাঁহৰ গঁড়ালত হাঁহ ভক্ষণ কৰি থকা অৱস্থাত গৃহস্থই প্ৰত্যক্ষ কৰে প্ৰায় 8 ফুট দৈৰ্ঘ্যৰ অজগৰ ডাল । ঘটনাক কেন্দ্ৰ কৰি মুহুৰ্ততে অঞ্চলটোত হুৱাদুৱা লগাত বন বিভাগক খবৰ দিয়ে ৰাইজে ৷ অৱশেষত ৰাইজৰ সহযোগত বন বিভাগে উদ্ধাৰ কৰে প্ৰকাণ্ড অজগৰডাল ।
উত্তৰ গুৱাহাটীত উদ্ধাৰ অজগৰ - মধুপুৰ গাঁও
উত্তৰ গুৱাহাটীৰ অন্তৰ্গত মধুপুৰ গাঁৱৰ এঘৰত মঙলবাৰে নিশা উদ্ধাৰ হয় এডাল অজগৰ ৷ বন বিভাগে উদ্ধাৰ কৰা অজগৰ ডালৰ দৈৰ্ঘ্য প্ৰায় 8 ফুট ৷

অজগৰ উদ্ধাৰ