ৰঙিয়া,3 ছেপ্তেম্বৰঃ গড়কাপ্তানী বিভাগলৈ বাট নাচাই নিজেই পথ মেৰামতি কৰিলে ৰঙিয়াৰ এগৰাকী যুৱকে । পেচাত এগৰাকী ব্যৱসায়ী আব্দুৰ ৰৌফ খানৰ ঘৰ ৰঙিয়াৰ খন্দিকৰত। বগৰীবাৰীৰ মথাউৰি ছিঙি হঠাতে অহা বানত ঘৰৰ সন্মুখৰ সদায় অহা যোৱা কৰা পথটো নষ্ট হৈ গৈছিল । নিজৰ লগতে ৰাইজৰো যাতায়তৰ বাবে যথেষ্ট কষ্ট হোৱা লক্ষ্য কৰি ৰাস্তাটো মেৰামতিৰ দায়িত্ব নিজে ললে যুৱ ব্যৱসায়ী গৰাকীয়ে । নিজৰ জেপৰ ধন খৰচ কৰি যুৱ ব্যৱসায়ী আব্দুৰ ৰৌফ খানে জেচিবি, ডাম্পাৰ, টেক্টৰেৰে গড়কাপ্তানী পথটো মেৰামতি কৰিলে ৰাইজৰ যাতয়তৰ সুবিধা কৰি দিয়ে ।
ব্য়ক্তিগত প্ৰচেষ্টাত যুৱকে মেৰামতি কৰিলে গড়কাপ্তানী পথ - পুঠিমাৰী নৈৰ মথাউৰি
চৰকাৰলৈ বাট নাচাই নিজে মেৰামতি কৰিলে পথ ৷ ৰ্দীঘ দিনৰ পৰা অসুবিধাৰ সন্মুখীন হৈ আহিছিল সাধাৰণ জনতা ৷ যুৱক জনৰ কাৰ্যক এতিয়া সৰ্বত্ৰে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷
জেপৰ ধন খৰছ কৰি এজন যুৱকে মেৰামতি কৰিলে গড়কাপ্তানী পথ
উল্লেখযোগ্য যে, দুমাহ পূৰ্বে বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি চিঙি ডেৰ মাহে বানত ডুব গৈ আছিল গড়কাপ্তানী পথটো, যাৰ ফলত পথটো ঠায়ে-ঠায়ে দ দ খাৱৈত পৰিণত হৈছিল । পথটোৰে যাতায়ত কৰাটো কষ্টকৰ হৈ পৰিছিল ৰাইজৰ বাবে । বাক্সা প্ৰশাসন অথবা চৰকাৰৰ ফালৰ পৰা পথটো মেৰামতি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । সেয়েহে যুৱ ব্যৱসায়ী গৰাকীয়ে নিজা প্ৰচেষ্টাত গড়কাপ্তানী পথটো মেৰামতি কৰিলে । সম্প্ৰতি আব্দুৰ ৰৌফ খানৰ এই পদক্ষেপক সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ বিপৰ্যয়ে লগ এৰা নাই বানাক্ৰান্তক