ৰঙিয়া, 11 জুলাই : বিপদসীমা অতিক্ৰম কৰিছে পুঠিমাৰী নৈৰ জলপৃষ্ঠই। যিকোনো মুহুৰ্ততে ৰঙিয়াৰ বগৰীবাৰী অঞ্চলত মথাউৰি ছিঙি অঞ্চলটোলৈ বিপদ মাতিব পাৰে পুঠিমাৰী নৈয়ে। বগৰীবাৰী অঞ্চলত ইতিমধ্যে মাথাউৰিটোৰ বহুঠাইত নিম্নাংশৰে পানী নিগৰি আছে। মথাউৰিটো বচাবৰ বাবে নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখিছে ৰাইজে ।
শুকুৰবাৰে ৰাতিৰ পৰাই ওখ ঠাই বিচাৰি অঞ্চলটোৰ শিশু, বৃদ্ধই ঢাপলি মেলিছে। নিজৰ সা-সম্পত্তিৰ লগতে পশুধন লৈ ৰাইজে আশ্ৰয় লৈছে ওখ ঠাইত। মাথাউৰীৰ ওপৰতে বাঁহ আৰু ত্ৰিপাল টানি বেছিভাগ পৰিয়ালেই সাজি ওলিয়াইছে অস্থায়ী আশ্ৰয় স্থল। পোহনীয়া গৰু-ছাগলীও আনি মথাউৰিৰ ওপৰতে বান্ধিছে বেছিভাগেই।