অসম

assam

ETV Bharat / state

ৰঙিয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ ধৰ্ণা - জল জীৱন মিছন

সোমবাৰে ৰাজ্যৰ ৮ সংমণ্ডলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাই । ৰঙিয়াতো চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদত নামিল অস্থায়ী কৰ্মচাৰীসকল । প্ৰাপ্য আদায় দিবলৈ চৰকাৰক আহ্বান জনালে পাম্প অপাৰেটৰসকলে ।

Pump operator protest at Rangia
ৰঙিয়াত জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাৰ ধৰ্ণা কাৰ্যসূচী

By

Published : Aug 16, 2021, 8:58 PM IST

ৰঙিয়া, ১৬ আগষ্ট : সোমবাৰৰ পৰা অনিৰ্দিষ্টকালীনভাৱে অসহযোগ আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাই । সোমবাৰৰ পৰা বন্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পানী যোগান । চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা আদায় দিয়াৰ দাবীত সোমবাৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অস্থায়ী কৰ্মচাৰী সন্থাই । সমগ্ৰ অসমৰ মুঠ ১২টা সংমণ্ডলৰ ভিতৰত সোমবাৰে ৮ টা সংমণ্ডলত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে পাম্প অপাৰেটৰসকলে ।

ৰঙিয়াত জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাৰ ধৰ্ণা কাৰ্যসূচী

এই অসহযোগ কাৰ্যসূচীৰ সময়চোৱাত পাম্প অপাৰেটৰসকলে ৰাজ‍্যৰ বিভিন্ন প্ৰান্তত থকা জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিসমূহৰ পানী যোগানৰ কাম কৰাৰ পৰা বিৰত আছে । লগতে পানী যোগান আঁচনিসমূহত চলি থকা জল জীৱন মিছনৰ কাম কৰাৰ পৰাও বিৰত থাকি মিছনৰ কাম-কাজ স্তব্ধ কৰাৰ হুংকাৰ দিয়ে । এই ক্ষেত্ৰত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'লে চৰকাৰ দায়ী হ'ব বুলি সকীয়াই দিয়ে পাম্প অপাৰেটৰসকলে । উল্লেখ‍্য যে, প্ৰায় এটা দশকতকৈও অধিক কাল পাম্প অপাৰেটৰসকলে বিনা বেতনেৰে কাম কৰি আহিছে ।

চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে পাম্প অপাৰেটৰসকলে । অনাগত দিনত তেওঁলোকে আন্দোলন তীব্ৰতৰ কৰি তুলিলে তাৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি সকীয়াই দিছে । উল্লেখ‍্য যে, এইসকল কৰ্মচাৰীৰ অধিক সংখ্যকেই নিয়মীয়া চাকৰিৰ আশাত নিজৰ ম‍্যাদী মাটি পানী যোগান আঁচনি নিৰ্মাণ কৰিবলৈ চৰকাৰক দান কৰিছিল ।

কিন্তু ইমান বছৰৰ পিছতো তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নহ'ল । ইয়াৰ উপৰিও এইসকল কৰ্মচাৰীসকলে বছৰ বছৰ ধৰি বেতনো লাভ কৰা নাই । ২০১৩-২০১৪ বৰ্ষত কেতবোৰ আঁচনিত কমিটী গঠন কৰি ছমাহৰ বাবে পাঁচ হাজাৰ টকাকৈ দিয়া হৈছিল যদিও ছমাহৰ পিছত সেইখিনি মাননি দিয়াও বন্ধ কৰি দিয়া হয় ।

মানৱীয়তাৰ খাতিৰত ইমান দিনে কাম কৰি অহা এইসকল কৰ্মচাৰীয়ে এতিয়া উচিত প্ৰাপ্যৰ দাবী জনাইছে । কিয়নো, আন চাকৰিৰ বাবে আবেদন কৰিবলৈ নিৰ্ধাৰিত বয়সৰ দেওনা পাৰ কৰিছে অধিকাংশ লোকে । চৰকাৰে শীঘ্ৰে তেওঁলোকৰ সমস্যা সমাধান নকৰিলে অনাগত দিনত যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ’লে চৰকাৰ দায়ী হ'ব বুলি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাই সকীয়নি দিয়ে ।

লগতে পঢ়ক :পদুমপুখুৰী ডাকঘৰত নুৰিল ৰাষ্ট্ৰীয় পতাকা

ABOUT THE AUTHOR

...view details