শুকুৰবাৰে "বিশ্ব পালমেনাৰী হাইপাৰটেনচন দিৱস" - পালমেনাৰী হাইপাৰটেনচন
বিশ্ব পালমেনাৰী হাইপাৰটেনচন দিৱস উপলক্ষে শুকুৰবাৰে বৰগাঁওস্থিত এক্সেল হাস্পতালে অনু্ষ্ঠিত কৰে এক সজাগতা অনুষ্ঠান ৷ এই ৰোগ নিৰাময়ৰ লগতে ৰোগ বিধৰ ফলত হোৱা সমস্যাসমূহক কেনেদৰে মোকাবিলা কৰিব পাৰি সেই সন্দৰ্ভত এই অনুষ্ঠানত আলোচনা কৰা হয় ৷
![শুকুৰবাৰে "বিশ্ব পালমেনাৰী হাইপাৰটেনচন দিৱস"](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3183053-thumbnail-3x2-k.jpg)
শুকুৰবাৰে "বিশ্ব পালমেনাৰী হাইপাৰটেনচন দিৱস"
গুৱাহাটী,3মে': শুকুৰবাৰে বিশ্ব পালমেনাৰী হাইপাৰটেনচন দিৱস উপলক্ষে বৰাগাঁওস্থিত এক্সেল কেয়াৰ হাস্পতালত আয়োজন কৰা হয় এক সজাগতামূলক অনুষ্ঠান। এই ৰোগ কেনেদৰে হয় আৰু ইয়াক কেনেদৰে নিৰাময় কৰিব পাৰি তাৰ ওপৰত বহুকেইগৰাকী অভিজ্ঞ চিকিৎসকে বক্তৃতা প্ৰদান কৰে। ইফালে পালমেনাৰী হাইপাৰটেনচন হ'লে ৰোগীসকলক শীঘ্ৰে চিকিৎসকৰ ওচৰ চাপিবলৈ আহ্বান জনাই এই সজাগতা অনুষ্ঠানত । উল্লেখ্য যে এই সজাগতামূলক অনুষ্ঠানটোত হাস্পতালখনৰ নাৰ্ছ, ৰোগীৰ অভিভাৱকৰ লগতে চিকিৎসকসকল উপস্থিত থাকে।
শুকুৰবাৰে "বিশ্ব পালমেনাৰী হাইপাৰটেনচন দিৱস"