নিউজ ডেস্ক,14 ডিচেম্বৰ :ক’ভিড আতংকৰ সময়ত ঘোষিত লকডাউনৰ সময়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল সকলো অনুষ্ঠান প্ৰতিষ্ঠান ৷ সমান্তৰালকৈ বন্ধ কৰি দিয়া হৈছিল ৰাজহুৱা শৌচাগাৰসমূহো ৷ কিন্তু লক ডাউন শিথিল কৰাৰ পিছত ৰাজ্যত পুনৰ মুকলি কৰা হৈছে ৰাজহুৱা শৌচাগাৰসমূহ ৷ ৰাজহুৱা শৌচাগাৰসমূহ বন্ধ হৈ থকাৰ সময়ত ৰাইজৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল বিশেষকৈ মহিলা সকলৰ ৷ এতিয়া পুনৰ মুকলি হোৱাৰ পিছত শৌচাগাৰ সমূহত ক‘ভিড 19ৰ বাবে ছেনিটাইজেশ্যনৰ লগতে হাতধোৱা চাবোন আদিৰ ব্যৱস্থা কৰা হৈছে ।
কিন্তু ইয়াৰ মাজতে ৰাজ্যত এতিয়াও বন্ধ হৈ আছে বহু ৰাজহুৱা শৌচাগাৰ ৷ কৰ’বাত যদি মেৰামতি সম্পূৰ্ণ নোহোৱা বাবে শৌচাগাৰ বন্ধ ৰাখা হৈছে কৰ’বাত আকৌ ৰাজহুৱা শৌচাগাৰসমূহ দুৰ্বৃত্তই লণ্ড ভণ্ড কৰাৰ অভিযোগ ৷ ইয়াৰ মাজতে তেজপুৰ পৌৰ সভাই আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই নৱ নিৰ্মিত ৰাজহুৱা শৌচাগাৰ ৷ আনহাতে, তেজপুৰ অসম ৰাজ্যিক বাছ আস্থানৰ ৰাজহুৱা শৌচাগাৰটো পৰিস্কাৰ পৰিচ্ছন্নভাৱে চলাই নিজে এজন চাফাই কৰ্মীয়ে ৷