অসম

assam

ETV Bharat / state

চৰকাৰী বিভাগৰ পৰা উপেক্ষিত হৈ ৰাইজে বান্ধিলে নৈৰ পাৰ

ৰঙিয়াৰ সোঁমাজেৰে বৈ যোৱা বৰলীয়া নৈয়ে বহু বছৰৰ পৰা বিভিন্ন ঠাইত গৰাখহনীয়াৰ সৃষ্টি কৰাৰ বাবে শংকিত হৈ পৰিছে ৰঙিয়াবাসী ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে শুকুৰবাৰে হাতে হাতে দা-কুঠাৰ লৈ গৰাখহনীয়া ৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে স্থানীয় ৰাইজে ৷

By

Published : Nov 27, 2020, 4:33 PM IST

public self help made river bank
ৰাইজে বান্ধিলে বৰলীয়া নৈৰ পাৰ

ৰঙিয়া,27 নৱেম্বৰ : চৰকাৰী বিভাগলৈ অপেক্ষা নকৰি ৰাইজে নিজেই বান্ধিলে বৰলীয়া নৈৰ পাৰ ৷ উল্লেখ্য যে, ৰঙিয়াৰ সোঁমাজেৰে বৈ যোৱা বৰলীয়া নৈয়ে বহু বছৰৰ পৰা ৰঙিয়াৰ বিভিন্ন ঠাইত গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰা পৰিলক্ষিত হৈছে ৷

সেয়েহে ৰঙিয়াৰ কলমণিৰ ৰাইজে নিজেই গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰিলে । শুকুৰবাৰে হাতে হাতে দা-কুঠাৰ লৈ স্থানীয় ৰাইজে শ্ৰমদান কৰিলে বৰলীয়াৰ পাৰত । বছৰ বছৰ ধৰি হৈ থকা প্ৰৱল গৰাখহনীয়াই অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে । এই গৰাখহনীয়াত অঞ্চলটোৰ কবৰস্থান, ৰাজহুৱা খেলপথাৰ, শ্মশান আদিৰ বহু মাটি ইতিমধ্যে নৈত জাহ গৈছে ।

চৰকাৰী বিভাগৰ পৰা উপেক্ষিত হৈ ৰাইজে বান্ধিলে নৈৰ পাৰ

নৈখনে গৰা খহাই এতিয়া মানুহৰ বাসস্থানৰ দিশে ধাৱমান হোৱা বাবে আতংকিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল । সমস‍্যাটোৰ বিষয়ে ৰাইজে বহুবাৰ বিভাগীয় কাৰ্যালয়ত আবেদন কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । খৰালি মাহ আৰম্ভ হোৱাৰ লগে লগে ৰাইজে নিজেই গৰাখহনীয়া ৰোধ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে ।

লগতে পঢ়ক :হাগ্ৰামা যদি বিটিচিত তিনিবাৰ মুৰব্বী হ’ব পাৰে আন কিয় নোৱাৰে : বিশ্বজিৎ দৈমাৰী

ABOUT THE AUTHOR

...view details