অসম

assam

ETV Bharat / state

পথৰ ওপৰত জাল মাৰি প্ৰতিবাদ ৰঙিয়াৰ ৰাইজৰ - পথৰ ওপৰত জাল মাৰি প্ৰতিবাদ

ৰাজপথৰ ওপৰত জাল মাৰি ৰঙিয়া নগৰৰ ২ নং ৱাৰ্ডৰ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ অঞ্চলটোক ৰঙিয়াৰ আন প্ৰান্তৰ সৈতে সংযোগ কৰা এটা পথৰ মেৰামতিৰ দাবীত এইদৰে প্ৰতিবাদ কৰে ৰাইজে ৷

public-protests-over-bad-condition-of-road-in-an-unique-way-in-rangia
ৰাজপথৰ ওপৰত জাল মাৰি ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে

By

Published : Jun 15, 2021, 3:00 PM IST

ৰঙিয়া,15 জুন :ৰঙিয়া নগৰৰ ২ নং ৱাৰ্ডৰ ৰাজপথৰ ওপৰত জাল মাৰি ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে । ডাঙৰ বাহন চলাচল কৰিব নোৱাৰাকৈ ৰাইজে পথৰ ওপৰত বান্ধিলে বাঁহ । অঞ্চলটোক ৰঙিয়াৰ আন প্ৰান্তৰ সৈতে সংযোগ কৰা গুৰুত্বপূৰ্ণ পথটো বৰ্তমান বোকা-পানীৰে পূৰ্ণ হৈ এক কদৰ্যময় পৰিবেশৰ সৃষ্টি হৈছে । জহি-খহি গৈ মৰণ ফান্দত পৰিণত হোৱা নগৰখনৰ মাজমজিয়াৰ এই গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ কৰিবলৈ জনপ্ৰতিনিধিক ৰাইজে বাৰম্বাৰ অনুনয়-বিনয় কৰি আহিছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ সুফল লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী ৰাইজে ।

ৰাজপথৰ ওপৰত জাল মাৰি ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে

উপায়বিহীন হৈ সোমবাৰে ৰাইজে পথটোৰ ওপৰত জাল মাৰি দীৰ্ঘদিনৰ ক্ষোভ উজাৰে । প্ৰতিটো নিৰ্বাচনৰ সময়ত নেতাসকলে পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাচত সকলো ফুটুকাৰ ফেনত পৰিণত হয় বুলি দীৰ্ঘদিনে সন্মুখীন হোৱা ভুৱা আশ্বাস-প্ৰতিশ্ৰুতিবোৰকলৈ অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজে ।

বিশেষকৈ, স্কুল-কলেজৰ ছাত্র-ছাত্ৰীসকলৰ লগতে শিশু, বৃদ্ধ আৰু মহিলাই এই পথটোত বোকা-পানী গচকি অতি কষ্টেৰে অহা-যোৱা কৰিবলগীয়া হৈছে । পথটোত থকা প্ৰকাণ্ড গাঁতসমূহ এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰা বাবেও সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা ৷

ইফালে, জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে জৰুৰীকালীন সময়ত বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ(ambulance) অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী(fire brigade vehicle) যাব নোৱৰাৰ বাবেও অঞ্চলটোৰ বাসিন্দাসকলে আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে । ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে ।

লগতে পঢ়ক :উদালীৰ চিকিৎসক নিগ্ৰহ কাণ্ড: দুই অভিযুক্তই কৰিলে আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details