অসম

assam

ETV Bharat / state

বাইহাটা-কমলপুৰ সংযোগী পথ অৱৰোধ স্থানীয় ৰাইজৰ - demand for road repairing

বিধ্বস্ত পথেৰে যাতায়াত কৰি অতিষ্ঠ হৈ পৰিছে বাইহাটাৰ ৰাইজ । জৰাজীৰ্ণ ধূলিময় পথেৰে চলে চিমেন্টৰ কেঁচামাল কঢ়িওৱা ট্ৰাক । এই ট্ৰাকবোৰে প্ৰদূষিত কৰে সমগ্ৰ অঞ্চলটো । সেয়ে, চিমেন্টৰ কেঁচামাল ভৰ্তি ট্ৰাকৰ যাতায়াত বন্ধ কৰাৰ দাবীত বাইহাটা-কমলপুৰ সংযোগী পথ অৱৰোধ কৰিলে ৰাইজে ।

Public Protest at Baihata
বাইহাটা কমলপুৰ সংযোগী পথ অৱৰোধ স্থানীয় ৰাইজৰ

By

Published : Oct 4, 2021, 5:30 PM IST

বাইহাটা, ৪ অক্টোবৰ : জৰাজীৰ্ণ পথৰ মেৰামতি আৰু পৰিৱেশ প্ৰদূষণ কৰা বাহনৰ চলাচল বন্ধ কৰাৰ দাবীত বাইহাটা-কমলপুৰ সংযোগী পথ অৱৰোধ কৰিলে স্থানীয় ৰাইজে । দৰাচলতে, বাইহাটা আৰু কমলপুৰ সংযোগী গড়কাপ্তানি পথৰ বিধ্বস্ত অৱস্থাই হাৰাশাস্তি ভোগাই আহিছে অঞ্চলবাসীক । ইয়াৰ উপৰিও এই পথটোৰে চিমেন্টৰ কেঁচামাল কঢ়িওৱা ট্ৰাক চলাচল কৰাত অধিক সমস্যাৰ সৃষ্টি হৈছে । বহিঃৰাজ্যৰ পৰা ৰে'লেৰে বাইহাটা ৰে'ল ষ্টেচনলৈ পঠিওৱা হয় বিভিন্ন সামগ্ৰী ।

বাইহাটা কমলপুৰ সংযোগী পথ অৱৰোধ স্থানীয় ৰাইজৰ

এই সামগ্ৰীসমূহ ট্ৰাকেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱা হয় । এই সামগ্ৰীসমূহৰ ভিতৰত চিমেন্টৰ বাবে অনা কেঁচামালে অঞ্চলটোত প্ৰদূষণৰ সৃষ্টি কৰি একপ্ৰকাৰ জীৱন-ধাৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মাইছে । পথৰ দুয়োকাষে বাসগৃহ থকা লোকসকল এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈছে । এই সমস্যাৰ বিষয়ে বাইহাটাৰ ৰাইজে স্থানীয় প্ৰশাসনক জনাই অহাৰ পিছতো কোনো সুফল নোপোৱাত উপায়ন্তৰ হৈ সোমবাৰে বাইহাটাৰ ৰাইজ ওলাই আহি ট্ৰাকবোৰ কেইবা ঘন্টা ধৰি অৱৰোধ কৰি ৰাখে ।

এফালে, পথটোৰ জৰাজীৰ্ণ অৱস্থা, আনফালে চিমেন্টৰ কেঁচামাল কঢ়িওৱা ট্ৰাকৰ চলাচলে ৰাইজক যথেষ্ট হাৰাশাস্তি ভোগাই আহিছে । ট্ৰাকবোৰৰ বাবে অঞ্চলটোত প্ৰদূষণ বৃদ্ধি পাইছে । সোমবাৰে পথ অৱৰোধ কৰি ৰাইজে সকীয়াই দিয়ে যে, ৰাইজৰ ক্ষতি হোৱা যিকোনো সামগ্ৰী কঢ়িওৱা ট্ৰাক এই পথৰে চলাচল দিয়া নহ'ব ।

ইয়াৰ পাচতো চিমেন্টৰ কেঁচামাল কঢ়িওৱা বাহন চলাচল কৰিলে লগে লগে পথ অৱৰোধ কৰা হ'ব বুলি হুংকাৰ দিয়ে ৰাইজে । ৯ টনৰ ঠাইত অধিক কেঁচামাল কঢ়িওৱা বাহন এই পথৰে চলাচল কৰি অহাৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে । বহন ক্ষমতা নথকা এই পথটোৰে কেনেকৈ ট্ৰাকবোৰ দৈনিক চলাচল কৰিব পাৰিলে তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । সোমবাৰে কেইবা ঘণ্টা ধৰি পথ অৱৰোধ কৰি কৰাৰ পাচত কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৰাইজৰ সৈতে আলোচনা কৰে ইয়াৰ পাচতে আবদ্ধ কৰি ৰখা ট্ৰাকবোৰ যাবলৈ দিয়ে ৰাইজে ।

লগতে পঢ়ক:ধোঁৱা চাঙত গো-সুৰক্ষা আইন: কলিয়াবৰত জব্দ ম’হ ভৰ্তি বাহন

ABOUT THE AUTHOR

...view details