ৰঙিয়া, 18 অক্টোবৰ : বিকশিত অসমৰ ধাক-ঢোল বজাই প্ৰচাৰ কৰা এইখন অসমতেই আছে এখন দুটা দশক ধৰি বিকল হৈ থকা পানী যোগান আঁচনি । ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ বাবে ৰঙিয়াৰ খুপনিকুছিত প্ৰায় দুটা দশক পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল এক পানীযোগান আঁচনিৰ । পিছে যোৱা দুটা দশক ধৰি বিকল হৈ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিখন । এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ।
ৰঙিয়াত দুটা দশৰ ধৰি বিকল হৈ আছে চৰকাৰী পানী যোগান আঁচনি - জনস্বাস্থ্য কাৰিকৰী বিভাগ
দুটা দশক ধৰি বিকল পানী যোগান আঁচনি ৷ ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ বাবে ৰঙিয়াৰ খুপনিকুছিত প্ৰায় দুটা দশক পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল এক পানীযোগান আঁচনিৰ । পিছে যোৱা দুটা দশক ধৰি বিকল হৈ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিখন ।
নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় ৩ বছৰ পানী যোগান ধৰিছিল যদিও পিছত এই আঁচনিখন বিকল হৈ পৰে । যাৰ বাবে অঞ্চলটোৰ দৰিদ্ৰ লোকসকলে অত্যাধিক আইৰনযুক্ত অপৰিষ্কাৰ পানী সেৱন কৰি বিভিন্ন ৰোগত আক্রান্ত হ’ব লগা হৈছে । সময়ে সময়ে আঁচনিখনৰ মেৰামতি পুনৰ নিৰ্মাণ হয়, কিন্তু ৰাইজেহে বিশুদ্ধ খোৱা পানী লাভ নকৰে আঁচনি খনৰ পৰা । মেৰামতি আৰু নিৰ্মাণৰ নামত বিভাগটোৰ বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰে লুন্ঠন চলাই আহিছে বুলি ৰাইজৰ অভিযোগ । লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা এই পানী যোগান আঁচনিখনৰ যন্ত্ৰ পাতিও বিকল হ’বলৈ ধৰিছে । এনেদৰে চৰকাৰী ধন শৰাধ কৰাত ক্ষোভিত হৈ পৰিছে খুপনিকুছিৰ ৰাইজ ।
লগতে পঢ়ক :ন কৈ সজোৱা হৈছে হাতীমূৰাৰ ইতিহাস বিজড়িত দুৰ্গা মন্দিৰ