ৰঙিয়া, ১১ অক্টোবৰ:ডিজিটেল ইণ্ডিয়াৰ যুগতো ৰাজ্যত পৰিস্ফুট হৈছে উন্নয়নৰ ফোঁপোলা স্বৰূপ । এই ফোঁপোলা স্বৰূপ এইবাৰ প্ৰতিফলিত হৈছে কামৰূপ জিলাৰ ৰঙিয়াত । গাঁৱৰ কণকণ ছাত্র-ছাত্রীসকলে নদীৰ সিপাৰে থকা বিদ্যালয়লৈ দৈনিক বিপদ সংকুলভাৱে পাৰাপাৰ হ’বলগীয়া হোৱাত চিন্তিত হৈ পৰিছে অভিভাৱকৰ লগতে স্থানীয় ৰাইজ ।
জীৱনৰ নিৰাপত্তা নোহোৱা ৰঙিয়াৰ বৰলীয়া নৈৰ ওপৰত থকা এখন দলং । এই দলঙখন পাৰ হ'বলৈ হ'লে ৰাইজে ভৰিব লাগিব ধন । তাৰ পিছতো কিন্তু ৰাইজৰ জীৱনৰ কোনোৱে দায়িত্ব নলয় । আৰু যদি আপুনি টকা দিব নোৱাৰে তেন্তে নদীৰ ওপৰেৰে বিপদ সংকুল যাতায়ত কৰিবই লাগিব । আপোনাৰ শুনি আচৰিত লাগিলেও এয়াই সত্য ।
এই দলংখন কামৰূপ,নলবাৰী,তামুলপুৰ জিলাৰ সীমান্তৰ খোপনিকুছিৰ নোনা নৈত অৱস্থিত(Development is still not visible in Rangia)। কেইবাখনো গাঁৱৰ ৰাইজে যাতায়ক কৰে এই বাঁহৰ দলঙখনেৰে (dilapidated bamboo bridge on Baralia river) । দলঙখন পকীকৰণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । উপায় বিহীন গঞা ৰাইজৰ সহযোগত কেইজনমান লোকে এই বাঁহৰ দলঙখন নিৰ্মাণ কৰি উলিয়ালে (People of Rangia build a bamboo bridge)।
সেয়ে এতিয়া দলং পাৰ হ'বলৈ হ'লে ৫ টকাৰ পৰা ২০ টকা পৰ্যন্ত ভৰিব লাগে (Pay for cross bamboo bridge in Khopanikuchi) । বাঁহৰ বৃহৎ দলঙখনেৰে পাৰ হওঁতে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ।