ৰঙিয়া, ৯ অক্টোবৰ:পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক । ৰাজ্যৰ বাট-পথৰ উন্নয়ণৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰে । কি ৰদ, কি বৰষুণ, কি বাৰিষা, কি খৰালি সকলো সময়তে পথটোৰ ওপৰত একাঠু বোকা পানীৰে ভৰা । পথ নে কঠিয়া ছটিওৱা পথাৰ ধৰিবই নোৱাৰি । বোকা-পানীৰে কদৰ্যময় অৱস্থাৰ সৃষ্টি হোৱা পথটোত ৰঙিয়াৰ উদিয়ানাবাসীয়ে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে ।
বিশেষকৈ ছাত্ৰ-ছাত্ৰী, শিশু, বৃদ্ধ আৰু মহিলাসকলে যমৰ যাতনা ভুগি যাতায়াত কৰিবলগীয়া হয় । ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাৰ পৰা উত্তৰ পথাৰ চুবুৰীলৈ যোৱা পথচোৱা বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত বিপাঙত পৰিছে অঞ্চলবাসী । যাৰ বাবে পথেটোৰে নিতৌ যাত্ৰা কৰা যাত্ৰীসকলে যমৰ যাতনা ভুগিবলগা হৈছে । এই পথটোৰে নিতৌ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে চিকিৎসালয়লৈ বহু সংখ্যক ৰোগী অহা যোৱা কৰে । কিন্তু এজাক বৰষুণতেই বোকা পানীৰে ভৰি পৰাৰ ফলত পথচোৱাৰে পাৰ হ'বলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় যাত্ৰীসকলে । যদিহে যান-বাহন পথটোত যায় তেন্তে ঠেলি ঠেলি পাৰ কৰিবলগীয়া হয় । যাৰ ফলত যাত্ৰীসকলৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সৃষ্টি হয় ।