অসম

assam

By

Published : Jun 19, 2023, 3:15 PM IST

ETV Bharat / state

Flood in Assam: যিকোনো মুহূৰ্ততে ভাঙিব পাৰে পুঠিমাৰী নৈৰ মথাউৰি

সম্পূৰ্ণ নহ’ল বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ কাৰ্য ৷ ৰঙিয়াৰ বগৰীবাৰীৰ পুঠিমাৰী নৈৰ মথাউৰিটো আজিকোপতি সম্পূৰ্ণ নোহোৱাত শংকাত মথাউৰিৰ ওপৰতে পহৰা দিছে নৈ পৰীয়া ৰাইজে ।

Weak Embankment of Puthimari River
ৰাজ্যজুৰি বানৰ সংহাৰ

ৰাজ্যজুৰি বানৰ সংহাৰ

ৰঙিয়া, ১৯ জুন:বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যজুৰি সৃষ্টি হৈছে বানৰ সংহাৰ । ইতিমধ্য়ে বৃষ্টিপাতৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানে প্লাবিত কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ বাৰিষাৰ প্ৰথমটো বানে ৰঙিয়াতো ৰাইজক আতংকিত কৰিছে ।

ৰঙিয়াৰ বগৰীবাৰীত বানপানীৰ আতংক । যিকোনো মুহূৰ্ততে পুঠিমাৰী নৈৰ মথাউৰি ভাঙি বিপদ মাতিব পাৰে শতাধিক গাঁৱলৈ । সেয়েহে ভয়-শংকাত মথাউৰিৰ ওপৰতে পহৰা দিছে নৈ পৰীয়া ৰাইজে । নৈখনৰ বাঢ়নী পানীৰ বাবে ঠায়ে ঠায়ে খহনীয়া হোৱাত যিকোনো মুহূৰ্ততে মথাউৰিটো ভাঙি যোৱাৰ উপক্ৰম হৈছে । যাৰ বাবে আতংকিত অঞ্চলটোৰ গ‌ঞাই বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে ।

ইফালে, চোৰ গলে বুদ্ধি,বৰষুণ গলে জাপিৰ দৰে অৱস্থা হৈছে জলসম্পদ বিভাগৰ । ৰঙিয়াৰ বগৰীবাৰীত খৰালিৰ সময়ত শুই থাকি ভৰ বাৰিষাত আৰম্ভ কৰা হৈছিল পুঠিমাৰী নৈৰ মথাউৰি মেৰামতিৰ কাম । অতি লেহেমীয়া গতিত আৰু নিম্নমানৰ কাম কৰাৰ ফলত মথাউৰিটোৰ বহু ঠাইত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।

সময়ে সময়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ শৰ্মাৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী মন্ত্ৰী-বিধায়কে মথাউৰিটো পৰিদৰ্শন কৰি চমক সৃষ্টি কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত মথাউৰিৰ কাম সম্পূৰ্ণ নহ'ল । বিভাগীয় কৰ্তৃপক্ষৰ পৰা এই সন্দৰ্ভত জানিব বিচৰাত কেমেৰা দেখি গা এৰা মন্তব্য দি পলায়ন কৰে ।

এতিয়া ভৰ বাৰিষাৰ পুঠিমাৰী নৈৰ খহনীয়াই বিপদ নমাই আনিছে বৃহত্তৰ অঞ্চলটোলৈ । নৈখনৰ বাঢ়নী পানীৰ বাবে ঠায়ে ঠায়ে বৃহৎ বৃহৎ খহনীয়া হোৱাত যিকোনো মুহূৰ্ততে মথাউৰিটো ভাঙি যোৱাৰ উপক্ৰম হৈছে । যাৰ বাবে আতংকিত অঞ্চলটোৰ গ‌ঞাই বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছিল । যদিহে এই মথাউৰিটো বানে চিঙি নিয়ে তেন্তে ৰঙিয়া, কমলপুৰ, হাজোৰ শতাধিক গাঁও বানত প্লাৱিত হ'ব । সেয়েহে জলসম্পদ বিভাগক গুৰুত্ব সহকাৰে দুই এদিনতে মথাউৰিটো বিজ্ঞান সন্মতভাৱে মেৰামতি কৰিবলৈ ক্ষুব্ধ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:BJP meeting in Sivsagar : বিজেপিৰ সভালৈ নোযোৱাৰ বাবে পূৰ্ণিমা-টমাছক বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details