ৰঙিয়া,১ অক্টোবৰ :ৰাজ্যৰ চৌদিশে এতিয়া দুর্গা পূজাৰ আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে (Durga Puja 2022)। মাৰ আশীষ লোৱাৰ উদ্দেশ্যে ভক্তসকলে ভিৰ কৰিছে পূজা মণ্ডপত । কিন্তু ৰঙিয়াৰ ঢেপাৰগাঁৱৰ ৰাইজে পূজাৰ মণ্ডপৰ সলনি বাঁহৰ সাঁকো নিৰ্মাণত হে ব্যস্ত (Public built bamboo bridge in Rangia)। ঢেপাৰগাঁৱৰ বড়ো চুবাৰ ৯৩ টা পৰিয়ালে যোৱা তিনিদিনৰ পৰা সাঁকোখনৰ নিৰ্মাণৰ লগত জড়িত হৈ আছে ।
চৰকাৰলৈ বাট চাই আমনি লগাত অৱশেষত গঞাই নিজেই সাঁকোখন নিৰ্মাণৰ চেষ্টা কৰিছে যাতে পূজাৰ বতৰত অন্ততঃ অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত কিছু হ'লেও সকাহ লাভ কৰে (Transportation problem in Rangia)। অঞ্চলটোৰ প্ৰতি ঘৰ লোকে নিজৰ ঘৰৰ বাঁহ, খেৰ, ৰছী দিছে আৰু ৰাজহুৱাকৈ প্ৰায় ২০০ ফুট দীঘল বাঁহৰ সাঁকোখন সাজি উলিয়াইছে । প্ৰখৰ ৰ'দকো নেওচি ৰাইজে গড়কাপ্তানি পথটোৰ ওপৰত নিজেই সাঁকোখন সাজি উলিয়াইছে ।
স্থানীয় লোকে জনোৱা মতে ৰঙিয়াৰ ধেপাৰগাঁও-বগৰীবাৰী সংযোগী এই গড়কাপ্তানি পথটো যোৱা ১৬ জুনত বানে খহাই লৈ গৈছিল । বানে গড়কাপ্তানি পথটোৰ প্ৰায় ২০০ ফুট অংশ খহাই নিয়াৰ লগে লগে যাতায়তৰ ক্ষেত্ৰত প্ৰচণ্ড অসুবিধাৰ সন্মুখীন হৈছিল অঞ্চলটোৰ ৰাইজ । বানৰ পিছৰ পৰাই দুয়োপাৰৰ ৰাইজে যাতায়তৰ নামত যান্ত্ৰণা ভূগি আহিছিল ।