ৰঙিয়া, 4 আগষ্ট:ৰঙিয়া আৰু তামুলপুৰ সমষ্টিৰ সীমান্তৱৰ্তী বৈদ্যগড় পঞ্চায়তৰ তুলসীবাৰীৰ ঘোগাৰপাৰত ৰাইজে শ্ৰমদান কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰে । ঘোগাজানৰ দুয়োপাৰৰ প্ৰায় তিনিশ ঘৰ মানুহে নিজৰ ঘৰৰ বাঁহ আৰু অন্যান্য সামগ্ৰী যোগান ধৰাৰ লগতে শ্ৰমদান কৰি উক্ত বাঁহৰ দলংখন নিৰ্মাণ কৰে । প্ৰায় ৬০ হাজাৰ টকা ব্যয় কৰি ৰাইজে এসপ্তাহত দলঙখন নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে ( Public build a bamboo bridge in Rangia) ।
পূৰ্বতে জানটোৰ ওপৰত এডাল বাঁহৰ সাঁকো আছিল । বাঁহৰ সাঁকোৰে যাতায়ত কৰোতে কেবাটাও দুৰ্ঘটনা সংঘটিত হৈ বহু লোক ঘুণীয়া হোৱাৰ লগতে এজন ব্যক্তিৰ মৃত্যু পৰ্যন্ত হৈছে । এনে সমস্যাৰ বাবে বিগত বছৰত স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং সাজি লৈছিল । কিন্তু ডেৰমাহ পূৰ্বে বগৰীবাৰীত অহা প্ৰলয়ংকাৰী বানত জানটোৰ ওপৰত থকা বাঁহৰ দলংখন উটি যায় । তাৰ পিছৰে পৰা ৰাইজে কলৰ ভুৰেৰে জানটো বিপদ সংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছিল ।
দলঙখনৰ অভাৱৰ বাবে ঘোগাৰপাৰৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়তৰ বাবে দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে (Development is still not visible in Rangia) । জানটোত দলং নোহোৱা বাবে স্থানীয় ৰাইজে প্ৰায় ৬ কিলোমিটাৰ দূৰেৰে তামুলপুৰ জিলাৰ মাজেৰে যাতায়ত কৰিবলৈ বাধ্য হৈ আহিছে । ঘোগাজানৰ এটা পাৰত তুলসীবাৰী অঞ্চলৰ বহুলোকৰ খেতি পথাৰসমুহ থকা বাবে নিতৌ সহস্ৰাধিক কৃষকে জানটো বিপজ্জনকভাৱে পাৰ হ’বলগীয়া হয় । ইয়াৰ উপৰিও জৰুৰীকালীন সেৱাৰ পৰাও অঞ্চলবাসী বঞ্চিত হৈ আহিছে ৷