অসম

assam

ETV Bharat / state

Protests against eviction: ৰঙিয়াত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ - Protests against eviction notice in Rangia

ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তথা বিটিআৰৰ অধীনস্থ ধূলাবড়িত উচ্ছেদৰ জাননীৰ বিৰুদ্ধে শুক্ৰবাৰে এ বি এম ছু ৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । ভূমিৰ পট্টা দিয়াৰ নামতইউ পি পি এল চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ।

Protests against eviction in Rangia
ৰঙিয়াত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Aug 12, 2023, 3:55 PM IST

ৰঙিয়াত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙিয়া,১২ আগষ্ট:পুনৰ আহিল উচ্ছেদৰ জাননী । ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তথা বিটিআৰৰ অধীনস্থ ধূলাবড়িত কেইবাটাও পৰিয়াললৈ আহিছে উচ্ছেদৰ জাননী । শুকুৰবাৰে ABMSU য়ে উচ্ছেদৰ জাননীৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । বিটিআৰ প্ৰশাসনে অন্যায়ভাৱে উচ্ছেদ কৰিবলৈ ওলোৱাৰ অভিযোগ উত্থাপন কৰি এ বি এম ছুৱে দলংঘাটত ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত কৰি উচ্ছেদ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰে ।

চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে শেহতীয়াভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অবৈধভাৱে দখল কৰা বুলি ধূলাবড়ি অঞ্চলৰ ২১ টা পৰিয়াললৈ গোৰেশ্বৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ ফালৰ পৰা উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে ।

এই জাননীৰ পিছতে পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগে । উক্ত উচ্ছেদৰ জাননীক অমানৱীয় আখ্যা দি এবিএমছুৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি বদৰুদ্দিন খানে শীঘ্ৰে এনে জাননী প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । বিটিচি চুক্তিৰ পূৰ্বৰ পৰা এইসকল লোকে বসবাস কৰি আহিছে বুলি দাবী কৰে ।

ইয়াৰ উপৰিও ভূমিৰ পট্টা দিয়াৰ নামত পূৰ্বৰ বিপিএফ আৰু বৰ্তমানৰ ইউ পি পি এল চৰকাৰে প্ৰতাৰণা কৰা বুলি ছাত্র নেতা খানে ক্ষোভ প্ৰকাশ কৰে । নিৰ্দিষ্ট কিছুমান লোকক টাৰ্গেট কৰি এনেদৰে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

এই উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহব বুলি তেওঁ হুংকাৰ দিয়ে প্ৰতিবাদী সভাত । উক্ত সভাত এ বি এম ছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক জাহাংগীৰ আহমেদ, তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বুবুল আলী, উপ সভাপতিদ্বয় ফিৰদুল ইছলাম আৰু নুৰুল আলম আদি নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:ETV Interview: অভিলেখ সৃষ্টি কৰা ‘‘শ্ৰী ৰঘুপতি’’ৰ প্ৰযোজকৰ মনৰ কথাৰে

ABOUT THE AUTHOR

...view details