কামৰূপ,13 নৱেম্বৰঃ কামৰূপৰ বাইহাটাত প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বুধবাৰে বাইহাটা ৰে'ল ষ্টেচনত চিমেন্ট নিৰ্মাণৰ কেঁচামাল কিলিংগাৰ গুড়িৰ লোডিং আনলোডিঙৰ ফলত সৃষ্টি হোৱা প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে। শেহতীয়া ভাৱে বাইহাটা ষ্টেচন য়াৰ্ডত উল্লেখিত প্ৰদূষিত সামগ্ৰীবিধ এচাম অসাধু ব্যৱসায়ীয়ে লোডিং আনলোডিঙৰ কাম আৰম্ভ কৰাৰ বাবে ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে বৃহত্তৰ অঞ্চলটো। ফলত যমৰ যাতনা ভুগিছে ষ্টেচনৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ বাসিন্দা সকলে। তথাপিতো ৰে'ল বিভাগ তথা স্থানীয় প্ৰশাসনে ইয়াৰ প্ৰতি কেৰেপ নকৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজে ৷
ষ্টেচনত প্ৰতিদিনে ৰে'লেৰে অহা বিভিন্ন সামগ্ৰী উঠোৱা-নমোৱা হয় যদিও চিমেন্ট উৎপাদনত ব্যৱহৃত কেঁচামাল বিধৰ লোডিং আনলোডিঙে বৃহত্তৰ অঞ্চলটোত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে। উল্লেখ্য যে,চিমেন্ট উৎপাদনত ব্যৱহৃত কেঁচামাল কিলিংগাৰ নামৰ গুড়িয়ে অঞ্চলটোত ধোঁৱাময় পৰিৱেশৰ সৃষ্টি কৰি জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ কৰি তুলিছে । দিনতে কুঁৱলীয়ে আৱৰা সদৃশ পৰিৱেশ বিৰাজ কৰিছে অঞ্চলটোত। ইফালে লোডিং আনলোডিঙত নিয়োজিত শ্ৰমিক সকলেও এই কামক লৈ মুঠেই সন্তুষ্ট নহয়। বহু কেইগৰাকী শ্ৰমিকৰ কাম কৰি থকা অৱস্থাতে শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম হোৱা বুলিও অভিযোগ কৰে সংবাদ মাধ্যমক। অঞ্চলটোত এই সামগ্ৰী বিধৰ প্ৰদূষণৰ ফলত কেইবাটাও পশুধনৰো মৃত্যু হোৱাৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে ।