বকো, 1 জুলাই : চলিত বৰ্ষৰ যোৱা 20 জুনৰ দিনা ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ খচৰা প্ৰকাশ কৰাৰ পিচত প্ৰতিক্ৰিয়া অব্যাহত আছে । খচৰাখনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ছমৰীয়াবাসীয়ে ৷ খচৰাখনত প্ৰকাশ পোৱা অনুসৰি পূৰ্বৰ ছয়গাঁও সমষ্টিৰ বিলুপ্তি ঘটাই 27 নং ছমৰীয়া সমষ্টিৰ বাবে প্ৰস্তাৱ দিছে ভাৰতীয় নিৰ্বাচন আয়োগে । এই ক্ষেত্ৰত জাঙুৰ খাই উঠিছে ছমৰীয়া অঞ্চলত বসবাস কৰা অনুসূচীত জাতিৰ লোকসকলে । এই সন্দৰ্ভত শুকুৰবাৰে স্থানীয় অনুসূচীত জাতিৰ লোকসকলে হাতে হাতে প্লে’কাৰ্ড লৈ ছমৰীয়াৰ ৰামসৰস্বতী খেলপথাৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷
ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে । '27 নং ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰক', 'আমাৰ দাবী নায্য দাবী', 'ন’ এছ চি ন’ ৰেষ্ট' আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে কয়, 'বৰ্তমানৰ বকো সমষ্টিৰ ছমৰীয়া ব্ল’ক আৰু ছয়গাঁৱৰ গৰৈমাৰী ব্ল’ক সংযোজিত কৰি প্ৰস্তাৱিত 27 নং ছমৰীয়া সমষ্টিৰ নিৰ্মাণ কৰা হ’ব । কিন্তু বৰ্তমানৰ যি বকো সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত, সেই সমষ্টিত বসবাস কৰা অনুসূচীত জাতিৰ জনসংখ্যাতকৈ প্ৰস্তাৱিত ছমৰীয়া সমষ্টিত অনুসূচীত জাতিৰ জনসংখ্যা বেছি ।' সেয়েহে প্ৰতিবাদকাৰীসকলে এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু ভাৰতীয় নিৰ্বাচন আয়োগক প্ৰস্তাৱিত 27 নং ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ বাবে দাবী তোলে । এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে প্ৰতিবাদকাৰীয়ে ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতীয় নিৰ্বাচনী আয়োগ, জিলা উপায়ুক্ত, সমষ্টিৰ পুনঃনিৰ্ধাৰণ কৰা অসমৰ কমিটীৰ অধ্যক্ষলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।