বকো,17 এপ্ৰিল:বিশ্বজিৎ বিশ্বাসৰ হত্যাকাণ্ডক লৈ বকোৰ ২নং মাকেলিত তীব্ৰ প্ৰতিবাদ ৷ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত স্থানীয় ৰাইজে বৰালীমাৰাত আয়োজন কৰে এক প্ৰতিবাদী সভা । অভিযোগ অনুসৰি, পহিলা ব’হাগৰ দিনা বকোৰ ২নং মাকেলিত মৃত বিশ্বজিৎ বিশ্বাসক তিনি বন্ধুৱে মিলি হত্যা কৰে ৷ পৰৱৰ্তী সময়ত বকো আৰক্ষীয়ে বিশ্বজিৎ বিশ্বাসৰ তিনি বন্ধু ক্ৰমে ধনঞ্জয় দাস, হৰকান্ত দাস আৰু সঞ্জয় ৰাভাক ঘটনা সন্দৰ্ভত আটক কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি, হৰকান্ত দাস ছমৰীয়া আৰক্ষী চকীৰ এগৰাকী গাড়ীচালক । সেয়ে আৰক্ষীয়ে এই ঘটনাক যিমান গুৰুত্ব প্ৰদান কৰিব লাগিছিল, সিমান গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷