অসম

assam

ETV Bharat / state

এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ৰঙিয়াত ঘাইপথ অৱৰোধ

ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । এপ'ল মিলক পুনৰুজ্জীৱিত কৰক অন্যথা কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ ।

By

Published : Jan 10, 2020, 5:41 PM IST

RANGIA PROTEST FOR APOLLO MILL
এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰঙিয়া , 10 ডিচেম্বৰ :ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত শুকুৰবাৰে ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে মিলৰ কৰ্মচাৰীয়ে । পথ অৱৰোধ কাৰ্যসূচীত সহযোগ কৰে প্ৰাক্তন বিধায়ক অনন্ত ডেকা, ছাত্ৰ সন্থাৰ লগতে ৰঙিয়াৰ ৰাইজে । এপ'ল মিলক পুনৰুজ্জীৱিত কৰক অন্যথা কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ভবেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ । পথ অৱৰোধৰ ফলত ৰঙিয়াৰ তুলসীবাৰীত কেইবাঘন্টা ধৰি আৱদ্ধ হয় শতাধিক যান-বাহন ।

যোৱা তিনি বছৰ ধৰি উৎপাদন বন্ধ হৈ থকা এপ'ল মিলটোৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে । মিলৰ প্ৰায় ৬০০ শ্ৰমিক-কৰ্মচাৰীৰ দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিছে এই সকল শ্ৰমিক-কৰ্মচাৰী । আৰ্থিক অভাৱ-অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে বুলি মন্তব্য কৰে মিলৰ কৰ্মচাৰীয়ে । চৰকাৰে আশ্বাস, প্ৰতিশ্ৰুতি দিয়ে ঠিকেই কিন্তু মিলটোহে কাৰ্য্যক্ষম নকৰে বুলিও মত প্ৰকাশ কৰে মিলৰ কৰ্মচাৰীয়ে । অতি শীঘ্ৰে মিলটো পুনৰ কাৰ্য্যক্ষম নকৰিলে দুৰ্ভগীয়া শ্ৰমিকসকলক চৰকাৰে গুলীয়াই মৰাৰ আহ্বান জনায় কৰ্মচাৰীয়ে ।

এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

আৰু পঢ়ক :ৰঙিয়াত এম জি এনৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details