অসম

assam

By

Published : Jun 8, 2020, 4:29 PM IST

ETV Bharat / state

মিৰ্জাত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলোকে বিনাচৰ্তত শীঘ্ৰেই মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ ।

মিৰ্জাত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
মিৰ্জাত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

মিৰ্জা, 8 জুনঃ কা বিৰোধী আন্দোলনৰ বাবে গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ মুক্তিৰ দাবীত সোমবাৰে মিৰ্জাত কামৰূপ জিলা কা বিৰোধী সংগ্ৰামী ঐক্য মঞ্চৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । প্ৰতিবাদকাৰী সকলে অখিল গগৈৰ লগতে কা আন্দোলনৰ সময়চোৱাত গ্ৰেপ্তাৰ হোৱা ধৈৰ্য কোঁৱৰ, বিতু সোনোৱালৰ লগতে সকলোকে বিনা চৰ্তে মুক্তি দিয়াৰ দাবী জনাই দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামনি ৰয়ছম গোস্বামী চ'কত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে । উল্লেখ্য যে, প্ৰতিবাদকাৰী সকলে ধৰ্মঘটৰ সময়ত সামাজিক দুৰত্বৰ নিয়ম মানি সাব্যস্ত কৰিছিল প্ৰতিবাদ ।

মিৰ্জাত অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

হাতে-হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়, অখিল গগৈক মুক্তি দিয়ক, অখিল গগৈক ৰাজনৈতিক ষড়যন্ত্ৰ কৰা বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অখিল গগৈক কাৰাবন্দী কৰি ৰখাৰ ১৮০ দিন সম্পূৰ্ণ হোৱাৰ পিছতো ষড়যন্ত্ৰ মূলকভাৱে বিভিন্ন গোচৰ জাপি দি থকা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে । যদিহে শীঘ্ৰে অখিল গগৈসহ প্ৰতিবাদকাৰী সকলোকে মুক্তি কৰি নিদিয়ে তেন্তে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

ইপিনে প্ৰতিবাদ কৰি থকাৰ সময়তে পলাশবাৰী আৰক্ষী উপস্থিত আটাইকেইজন প্ৰতিবাদকাৰীকে আটক কৰি থানালৈ লৈ যায় ।

লগতে চাওকঃ শিৱাৰ সফলতাই আনন্দিত কৰিছে কাকডোঙাবাসীক

ABOUT THE AUTHOR

...view details