ৰঙিয়া,16 জুন: 'আমাক এখন দলং লাগে' শ্লোগানেৰে উত্তাল প্ৰতিবাদ কণ কণ ছাত্ৰ-ছাত্ৰীৰ । ৰঙিয়া আৰু তামুলপুৰ সমষ্টিৰ সীমান্তৰ সানেকুছিত বৰলীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।
ৰঙিয়াত পকী দলঙৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
ধন ভৰি এখন দুৰ্বল দলঙেৰে বিপজ্জনকভাৱে যাতায়ত কৰি অতিষ্ঠ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় চল্লিশখন গাঁৱৰ ৰাইজ । অঞ্চলটোৰ এনে এক জ্বলন্ত সমস্যা সমাধানৰ বাবে শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলে ধৰ্না প্ৰদৰ্শনেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ ।
ধন ভৰি এখন দুৰ্বল দলঙেৰে বিপজ্জনকভাৱে যাতায়ত কৰি অতিষ্ঠ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় চল্লিশখন গাঁৱৰ ৰাইজ । অঞ্চলটোৰ এনে এক জ্বলন্ত সমস্যা সমাধানৰ বাবে শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলে ধৰ্না প্ৰদৰ্শনেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে । এই বাঁহৰ দলংখনৰ ওপৰেৰে যাতায়ত কৰিবলৈ হ'লে প্ৰতিজন মানুহে ৫ টকা , চাইকেলৰ বাবে ২০ টকা আৰু বাইকৰ বাবদ ৫০ টকা পৰ্যন্ত আদায় দিব লগা হয় । এই দলংখন কামৰূপ আৰু বাক্সা জিলাৰ সীমান্তৰ বৰঘুলি সানেকুছি-২ নং চিকনিবাৰী দ্বাৰকুছি সংযোগী পথৰ বৰলীয়া নৈৰ ওপৰত অৱস্থিত । এই বাঁহৰ দলঙখনেৰে যাতায়ত কৰে দ্বাৰকুছি-তুলসীবাৰীৰ পৰা কাউৰবাহা হৈ গোৰেশ্বৰলৈ প্ৰায় ৪০ খন গাঁৱৰ ৰাইজে । ইয়াত পকী দলং এখন নিৰ্মাণ কৰিবলৈ বিটিচি আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নিৰ্দ্দিষ্ট কৰ্তৃপক্ষই । সেয়েহে উপায় বিহীন হৈ গঞা ৰাইজৰ সহযোগত কেইজনমান লোকে এই বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়ায় । নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধি সকলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাচতে সকলো আশ্বাস-প্ৰতিশ্ৰুতি পাহৰি যায় । কি কংগ্ৰেছ, কি বিজেপি কোনো এটা দলৰ মন্ত্ৰী-বিধায়কে আজিলৈকে নিদিলে পকী দলং নিৰ্মাণত গুৰুত্ব । বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ লগতে শিশুৰ পৰা মহিলা-বৃদ্ধলৈকে মৰণক শৰণ কৰি যাতায়ত কৰি আহিছে । বাৰিষাৰ সময়ত কোনো লোকৰ বেমাৰ-আজাৰ হ'লে দলঙৰ অভাৱত প্ৰায় ১৫ কিলোমিটাৰ ঘূৰি এম্বুলেঞ্চলৈ লৈ গৈ ৰোগীক চিকিৎসালয়লৈ নিব লগা হয় । শীঘ্ৰে ইয়াত এখন পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনায় ৰাইজে ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও চৰকাৰক সকিয়াই দিয়ে ভূক্তভূগী ৰাইজে ।