ৰঙিয়া,6 ছেপ্তেম্বৰ: ৰঙিয়া ষ্টেচনত ৰেলৰ ভাড়া বৃদ্ধি পোৱাৰ বিৰুদ্ধে আৰু যাত্ৰবাহী ৰে'ল চলোৱাৰ দাবীত সোমবাৰে সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, অসম ৰে'ল যাত্ৰী সংস্থাৰ লগতে চিপিআই, চিপিএম, ছাত্ৰ সন্থাকে ধৰি কেবাটাও দল-সংগঠন ৷ ৰেলৰ ভাড়া বৃদ্ধি বন্ধ কৰক, অফ লাইন টিকটৰ ব্যৱস্থা কৰক, সকলো যাত্ৰীবাহী ৰেল চলোৱাৰ ব্যৱস্থা কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদ কাৰীসকলে ৷
প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰাই ৰেলৰ ভাড়া হ্ৰাস কৰা আৰু অতি শীঘ্ৰে যাত্ৰীবাহী ৰে'ল চলাচলৰ ব্যৱস্থা কৰি সৰ্বসাধাৰণ ৰাইজক সুবিধা কৰি দিয়াৰ বাবে চৰকাৰক দাবী উৎত্থাপন কৰে ৷ লগতে ৰে'ল ব্যক্তিগত কৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ লগতে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিলে তীব্ৰ সংগ্ৰাম গঢ়ি তুলা হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷