অসম

assam

ETV Bharat / state

হত্যাকাৰীক ফাচীৰ দাবীত উত্তাল পলাশবাৰী - মৃতদেহ

মাতৃ-ভগ্নীৰ সৈতে মিলিত হৈ পত্নী কবিতা বৰুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কৃষ্ণ দাস নামৰ লোকজনৰ বিৰুদ্ধে ৷ বিবাহৰ পিছৰে পৰা স্বামী গৃহত অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা। ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত ঘৰতে উদ্ধাৰ হৈছিল কবিতা বৰুৱাৰ মৃতদেহ

হত্যাকাৰীক ফাচীৰ দাবীত উত্তাল পলাশবাৰী

By

Published : Aug 26, 2019, 7:05 PM IST

হত্যাকাৰীক ফাচীৰ দাবীত উত্তাল পলাশবাৰী

পলাশবাৰী, 26 আগষ্ট : হত্যাৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ল পলাশবাৰী । কান্দুপুৰ নিবাসী কৃষ্ণ দাস নামৰ লোকজনে মাতৃ-ভগ্নীৰ সৈতে মিলিত হৈ পত্নী কবিতা বৰুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে ঘেৰাও কৰিলে পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়। উল্লেখ্য যে, যোৱা 20 আগষ্টৰ নিশা পলাশবাৰীৰ কান্দুপুৰ নিবাসী কৃষ্ণ দাস নামৰ লোকজনে মাতৃ-ভগ্নীৰ সৈতে মিলিত তেওঁৰ পত্নী কবিতা বৰুৱাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । কবিতাৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি তিনি সন্তানৰ মাতৃ কবিতা বৰুৱাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড । কবিতাৰ স্বামী কৃষ্ণ দাস আৰু কৃষ্ণ দাসৰ ভগ্নী পবিতা দাসৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছে পৰিয়াল তথা স্থানীয় লোকে। কবিতা বৰুৱাৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুযায়ী বিবাহৰ পিছৰে পৰা স্বামী কৃষ্ণ দাসৰ অকথ্য নিৰ্যাতনৰ বলি হৈ আহিছিল কবিতা বৰুৱা। স্বামীৰ শাৰীৰিক মানসিক অত্যাচাৰ সহিব নোৱাৰি বহুবাৰ স্বামীগৃহ ত্যাগ কৰি আহিছিল কবিতাই। পিছত সন্তান তিনিটাৰ বাবে এক সুখৰ সংসাৰ কৰাৰ নিমিত্তে উভতি গৈছিল স্বামী গৃহলৈ। কিন্তু যোৱা 20 আগষ্টৰ নিশা ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত ঘৰতে উদ্ধাৰ হৈছিল কবিতা বৰুৱাৰ মৃতদেহ। এই মৃত্যক সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই পৰিয়ালৰ লোকে ৷ যাৰ বাবে পৰিয়ালৰ লোকে কৃষ্ণ দাস, পপিতা দাস,কৃষ্ণ দাসৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিতে পলাশবাৰী আৰক্ষী থানাই স্বামী,ভগ্নী আৰু মাতৃক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। উত্তেজিত ৰাইজে পলাশবাৰী আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে স্বামী কৃষ্ণ দাসৰ গৃহ লণ্ড ভণ্ড কৰি চোতালতে সামগ্ৰী সমূহ জ্বলাই দি সাব্যস্ত কৰিছিল প্ৰতিবাদ ।
সোমবাৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি Fast-track আদালতৰ জড়িয়তে বিচাৰ চলাবলৈ দাবী জনাই প্ৰতিবাদকাৰী ৰাইজে।

ABOUT THE AUTHOR

...view details