আৰম্ভ হ'ল অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিবেশন ; উত্তাল লাষ্টগেট - মুখ্যমন্ত্ৰী
লাষ্টগেটত তিনি সংগঠনৰ উত্তাল প্ৰতিবাদ ৷ জ্বলন্ত সমস্যাৰাজি সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত অসম সংগ্ৰামী মঞ্চ, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল, চি পি আইৰ
গুৱাহাটী, 26 জুলাই : গ্ৰীষ্মকালীন অসম বিধানসভা অধিবেশনৰ সময়তে লাষ্টগেটত বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ ৷ আজিৰে পৰা ছয়দিনীয়াকৈ আৰম্ভ হোৱা গ্ৰীষ্মকালীন অসম বিধানসভা অধিবেশনৰ সময়ত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল, অসম সংগ্ৰামী মঞ্চ আৰু চি পি আইয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ পাঁচটা জ্বলন্ত সমস্যাৰাজি সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অসম সংগ্ৰামী মঞ্চই । প্ৰতিবাদকাৰীসকলে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি প্ৰতিটো পৰিয়ালৰ সম্পূৰ্ণ পুনৰ সংস্থাপন নিশ্চিত কৰক, সকলো ধৰণৰ নিযুক্তিত বিষয়া পৰ্যায়ত 80 শতাংশ আৰু তৃতীয়/চতুৰ্থ বৰ্গত 100 শতাংশ পদ থলুৱা যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰক আৰু নিযুক্তিৰ পৰীক্ষাত 50 নম্বৰৰ মাতৃভাষা আৰু 50 নম্বৰৰ ৰাজ্যভাষাৰ প্ৰশ্ন বাধ্যতামূলক কৰক, ঠিকা ভিত্তিক 41 হাজাৰ টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰক, গুৱাহাটীৰ প্ৰতিটো ভূমিহীন পৰিয়ালক 1 কঠা 5 লেছা মাটি আবন্টন কৰক আৰু পথ ব্যৱসায়ী সকলৰ ওপৰত হাৰাশাস্তি বন্ধ কৰি তেওঁলোকক আইনগতভাৱে প্ৰাপ্য সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰক - এই পাঁচটা দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে । ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্বনেল আৰু চি পি আইয়ে বান সমস্যা আৰু এন আৰ চি বিষয় সমাধানৰ বাবে দাবী জনায় ৷ লগতে, মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷