অসম

assam

By

Published : Jun 10, 2019, 5:58 PM IST

Updated : Jun 10, 2019, 6:35 PM IST

ETV Bharat / state

যুৱতী শিল্পীক উলংগ নৃত্য প্ৰদৰ্শনৰ দাবীঃ জাতীয় সংগঠনৰ প্ৰতিক্ৰিয়া

ছয়গাঁৱৰ আচলপাৰাত বিগত ৭ জনুৰ নিশা সংঘটিত হোৱা নিকৃষ্ট কাৰ্যই জোকাৰি গৈছে ৰাজ্য । ঈদ উপলক্ষে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত যুৱতী নৃত্য দলক উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰদান কৰি শাৰীৰিক তথা মানসিক নিৰ্যাতন চলোৱা হয় ৷

ছয়গাঁৱৰ আচলপাৰাত বিগত ৭ জনুৰ নিশা সংঘটিত হোৱা নিকৃষ্ট কাৰ্য

কামৰূপ, 10 জুনঃ যুৱতী শিল্পীক উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰদান কৰি নিৰ্যাতন চলোৱা ছয়গাঁৱৰ আচলপাৰাৰ কাণ্ডক লৈ জাঙুৰ খাই উঠিছে জাতীয় সংগঠন । বকোত বগাইৰ উদ্যোগত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । সভাত শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ দাবী জাতীয় সংগঠনৰ । অৱশ্যে ঘটনাৰ লগত জড়িত দুজন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ছয়গাঁও আৰক্ষীয়ে ৷

উল্লেখ্য যে, ছয়গাঁৱৰ আচলপাৰাত বিগত ৭ জনুৰ নিশা সংঘটিত হোৱা নিকৃষ্ট কাৰ্যই জোকাৰি গৈছে ৰাজ্য । ঈদ উপলক্ষে আয়োজন কৰা এক সাংস্কৃতিক অনুষ্ঠানত যুৱতী নৃত্য দলক উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰদান কৰি শাৰীৰিক তথা মানসিক নিৰ্যাতন চলোবা হয় ৷ যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে বকোত বগাইৰ কাৰ্যালয়ত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই এই দিশত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিক্ৰিয়া ভয়াৱহ হ'ব বুলি সকিয়নী প্ৰদান কৰে ৷ লগতে ঘটনাত জড়িত প্ৰতিজনৰে ঠিকনা ৰঙা ঘৰ হ'ব লাগিব বুলিও দাবী উত্থাপন কৰে জাতীয় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

ছয়গাঁৱৰ আচলপাৰাত বিগত ৭ জনুৰ নিশা সংঘটিত হোৱা নিকৃষ্ট কাৰ্য

আনহাতে, সোমবাৰে ছয়গাঁৱৰ ছাম্পুপাৰাত দক্ষিণ কামৰূপ জিলা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই ঘটনা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত ৪ ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰাৰ অনুৰোধ জনায় । ন'হলে সমগ্ৰ অসমত ইয়াৰ প্ৰতিবাদত আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে ।

Last Updated : Jun 10, 2019, 6:35 PM IST

ABOUT THE AUTHOR

...view details